Rupaliparda.com
"ষ্টাৰ মেকিং" ৰ যি প্ৰথা চলি আহিছে ইয়াক একেবাৰেই মই ব্যক্তিগতভাৱে পচন্দ নকৰো"- মনোজ বৰকটকী 1

“ষ্টাৰ মেকিং” ৰ যি প্ৰথা চলি আহিছে ইয়াক একেবাৰেই মই ব্যক্তিগতভাৱে পচন্দ নকৰো”- মনোজ বৰকটকী

অসমৰ মনোৰঞ্জন ক্ষেত্ৰখন আচলতে বিশাল; ইয়াত থকা প্ৰতিভাৰ কথা আমি নুই কৰিব নোৱাৰো। এই প্ৰতিভাৰ সীমাবদ্ধতা কেৱল অসমতেই নহয়; ই বৰ্তমান দূৰ-দূৰণিলৈ শিঁপাইছে। মনোজ বৰকটকী; নামটো জনপ্ৰিয়। আপোনালোক বহু দৰ্শক হয়টো অনুৰাগীও এখেতৰ। প্ৰচাৰৰ দিশৰ ফালৰ পৰা বিভিন্ন সময়ত নিজক আঁতৰাই ৰখা শিৱসাগৰৰ মনোজ বৰকটকী মুম্বাইত প্ৰতিষ্ঠিত। কেৱল অভিনয় বুলিয়েই নহয়; তেওঁৰ পৰিচালনাৰে নিৰ্মিত চুটি ছবি কেইবাখনেও লাভ কৰিছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মনোনয়ন। তেওঁৰ অভিনয়ৰ প্ৰশংসাও বিভিন্ন জনে কৰিছে; মায়ানগৰীত প্ৰতিষ্ঠা লাভ কৰিলেও মনোজে পাহৰা নাই নিজ ঘাই শিঁপাডাল। প্ৰায়ে অসমীয়া ছবি অথবা চুটি ছবি সমূহত দেখিবলৈ পোৱা যায় অভিনেতা গৰাকীক। আজি ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আমি কথা পাতিছিলো এই গৰাকী অভিনেতাৰ সৈতে; চাওঁচোন আহকঃ

"ষ্টাৰ মেকিং" ৰ যি প্ৰথা চলি আহিছে ইয়াক একেবাৰেই মই ব্যক্তিগতভাৱে পচন্দ নকৰো"- মনোজ বৰকটকী 2

প্ৰশ্নঃ আপোনাৰ অভিনয়ৰ যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

মনোজ বৰকটকীঃ ২০০৬ চনৰ পৰা মই এই ক্ষেত্ৰখনত যোগদান কৰিছিলো। মঞ্চ নাটৰ জৰিয়তে আৰম্ভ কৰিছিলো মোৰ এই যাত্ৰা।

"ষ্টাৰ মেকিং" ৰ যি প্ৰথা চলি আহিছে ইয়াক একেবাৰেই মই ব্যক্তিগতভাৱে পচন্দ নকৰো"- মনোজ বৰকটকী 3

প্ৰশ্নঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আপুনিও কাম কৰিছে; “নেপটিজিম” ক আপুনি কি ভাৱে?

মনোজ বৰকটকীঃ Nepotism আৰু Favouritism য়ে এই ক্ষেত্ৰখনত কেৱল এটা কথাতেই বাধা দিয়ে যে, বহু যোগ্যজনে পাবলগীয়া সুযোগৰ পৰা বঞ্চিত হয়। মই কোৱা নাই যে, প্ৰত্যেকজন ষ্টাৰ কিডেই যোগ্য নহয়, আমি এনে বহু অভিনেতা দেখি আহিছো যেনে ধৰা অক্ষয় খান্না, অভয় দেউল , ৰণৱীৰ কাপুৰ আৰু বহুজন; এওঁলোক একোজন এনে অভিনেতা যাৰ সৈতে মনোৰঞ্জন ক্ষেত্ৰৰ “ভিতৰৰ অথবা বাহিৰৰ” বুলি কোনো কথা নাই। তেওঁলোকে সদায় ভাল অভিনয় কৰি আহিছে। ইয়াৰ উপৰিও, যিবোৰ শিল্পীয়ে এই ক্ষেত্ৰখনত বাহিৰৰ পৰা প্ৰৱেশ কৰে অৰ্থাৎ যাৰ পৰিয়াল এই উদ্যোগটোৰ সৈতে জড়িত নহয় তেনে এগৰাকী অভিনেতা বা অভিনেত্ৰীয়ে তেওঁলোকৰ জীৱনৰ প্ৰথমটো ভাল সুযোগ পাবলৈ সংঘৰ্ষ কৰিবলগীয়া হয়। ষ্টাৰ কিড সকলৰ বাবে এখন মঞ্চ সদায় তৈয়াৰ হৈ থাকে য’ত উঠি তেওঁলোক আগন্তুক সময়ত আগবাঢ়ি যাব পাৰে। কিন্তু, একোটা সৰু সৰু চৰিত্ৰৰ বাবে কষ্ট কৰিব লগা হয় বাহিৰৰ পৰা অহা সকলেহে।
এই “পক্ষপাতিত্ব খেল” টো চলি থাকে। কিন্তু বংশগতভাৱে কাম কৰি যোৱা, মানে Nepotism ৰ এই প্ৰথাটো আচলতে এতিয়াৰ নহয়; ই বহু পুৰণি। Nepotism আৰু Favouritism যেতিয়া পৰিৱেশ্য কলাৰ ক্ষেত্ৰত কৰা হয় তেতিয়া বহুতৰ সৃষ্টিৰাজিত ই অসুবিধাৰ সৃষ্টি কৰে। কাৰণ , কোনোবাজন ব্যক্তিবিশেষক মই যদি অন্ধ ভাৱে বহুত ভাল পাওঁ তেতিয়াহ’লে তেওঁ যদি কেতিয়াবা নিম্ন মানদণ্ডৰ সৃষ্টিকৰ্ম কৰেও মই তেওঁৰ সৃষ্টিক ভালেই পাম। আচলতে তেতিয়াই কলাৰ মানদণ্ড কমি যায়। “ষ্টাৰ মেকিং” ৰ যি প্ৰথা চলি আহিছে ইয়াক একেবাৰেই মই ব্যক্তিগতভাৱে পচন্দ নকৰো। আনহাতে, এখন ছবি নিৰ্মাণত বহু মানুহ অথবা শিল্পী ওতঃপ্ৰোত ভাৱে জড়িত হৈ থাকে; কিন্তু ছবিখন যেতিয়া ভাল হয় তেতিয়া কেৱল মূখ্য অভিনেতা-অভিনেত্ৰীৰ যুঁটিটো আৰু পৰিচালক গৰাকীৰ প্ৰচুৰ প্ৰশংসা কৰা দেখা যায়। এনে কৰিলে ছবিখনৰ সৈতে জড়িত প্ৰত্যেকজন শিল্পী, কলা-কুশলীৰ উৎসাহ গ্ৰাস হোৱাৰ লগতে তেওঁলোকে দিয়া অৱদানৰ ক্ষেত্ৰতো প্ৰশ্ন আহি পৰে। গতিকে এই Favouritism টো নেপটিজিমতকৈও অধিক ভয়ংকৰ। মোৰ মতে, পক্ষপাত নোহোৱাকৈ যাতে এটা উচিত খেল হয়। বাহিৰৰ- ভিতৰৰ প্ৰত্যেকেই যাতে সমানে সুযোগ লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব। এইখিনিত কৰণীয় আছে দৰ্শকৰ; দৰ্শকে যদি ভাল বস্তু চাই তাৰ প্ৰশংসা বা শিল্পী গৰাকীক উৎসাহ দিয়ে তেতিয়া এই আটাইবোৰ প্ৰথাৰ সলনি হ’ব।

"ষ্টাৰ মেকিং" ৰ যি প্ৰথা চলি আহিছে ইয়াক একেবাৰেই মই ব্যক্তিগতভাৱে পচন্দ নকৰো"- মনোজ বৰকটকী 4

প্ৰশ্নঃ আপোনাৰ আগন্তুক ছবি “মিডনাইট ছং” য়ে মুক্তিৰ পূৰ্বেই চৰ্চা লাভ কৰিছে; কিন্তু বৰ্তমান পৰিপ্ৰেক্ষিতত ছবি এখন মুক্তি দিয়াটো একপ্ৰকাৰ প্ৰত্যাহ্বান হৈ পৰিছে। আপুনি কি ভাৱে?

মনোজ বৰকটকীঃ হয় মই অভিনীত ছবি “মিডনাইট ছং” য়ে বৰ্তমানলৈ প্ৰায়ে ২০ খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছে। অহা ৩১ জুলাই তাৰিখে “Mabel Tainter Center For The Arts” ত সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া “Red Cedar Film Festival” আমেৰিকাতো স্ক্ৰীণিং কৰা হ’ব এই ছবিখন। ছবিখন মুক্তি দিয়াৰ কথা ভবা হৈছিল চলিত বৰ্ষৰ মে’ মাহত। কিন্তু বৰ্তমান পৰিস্থিতি আৰু ক’ৰ’ণা মহামাৰীৰ আতংকৰ ফলত চিত্ৰগৃহ সমূহ বন্ধ হোৱাত ঘৰুৱা দৰ্শকৰ বাবে এই ছবিখনৰো মুক্তি ৰখাই দিয়া গ’ল। এতিয়া পৰিস্থিতি যদি নিয়ন্ত্ৰণলৈ আহে তেনেহ’লে অক্টোবৰ মাহৰ এটা দিন আমি ধাৰ্য্য কৰিছো আৰু উক্ত দিনাই ছবিখন মুক্তি দিয়াৰ কথা ভাৱিছো। আচলতে কি হয়, ছবিখন যিমানেই আমি বাহিৰৰ দৰ্শকক দেখুৱাই নলওঁ কিয় মনত সদায় এটা আধৰুৱা অনুভৱ হৈ থাকে। কাৰণ ঘৰুৱা দৰ্শকে যেতিয়া “মিডনাইট ছং” চাব অথবা ইয়াক আদৰি ল’ব তেতিয়াহে সঁচা অৰ্থত সন্তুুষ্টি লাভ কৰিম। আমাৰ দৰ্শকৰ মাজত মুক্তি দিবলৈ ছবিখনৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীয়ে অধীৰ আগ্ৰহেৰে ৰৈ আছে।

"ষ্টাৰ মেকিং" ৰ যি প্ৰথা চলি আহিছে ইয়াক একেবাৰেই মই ব্যক্তিগতভাৱে পচন্দ নকৰো"- মনোজ বৰকটকী 5

প্ৰশ্নঃ আপোনাক যদি এদিনৰ বাবে এনে এক শক্তি দিয়া হয় যে আপুনি নিজৰ লগত হোৱা এটা ঘটনা সলনি কৰিব পাৰিব; আপুনি কি সলনি কৰিব??

মনোজ বৰকটকীঃ এনে ধৰণৰ প্ৰশ্ন এটা আহিলেই আচলতে খেলি-মেলি হয়। নিজৰ অতীত জীৱনত কৰা একো ভুল মই শুধৰাব নিবিচাৰো; কাৰণ সেই ভুলৰ পৰা মই জীৱনৰ যথেষ্ট খিনি শিকিছো, আগবাঢ়িছো লগতে উন্নত হৈছো। ক’ৰ’বাত যদি কেতিয়াবা বিফলও হৈছো তাৰ পৰাও শিকিছো মই। কিন্তু অ’… এনে যদি প্ৰশ্ন হয় যে হেৰোৱা জনক উভতাই আনিব পৰা যাব নেকি তেতিয়া হ’লে একেবাৰতেই মই এতিয়া সুশান্ত সিং ৰাজপুত আৰু ইৰফান খানৰ কথাই ক’ম কিয়নো তেওঁলোকৰ পৰা পাবলগীয়া বহু খিনি ৰৈ গ’ল; এই দুইজন শিল্পীক যদি পাৰিলোহেঁতেন ঘূৰাই অনাৰ চেষ্টা কৰিলোহেঁতেন। ৰৈ গ’ল তেওঁলোকৰ সৈতে বহু কিবা কিবি কথা পাতিবলৈ আৰু শিকিবলৈ………

"ষ্টাৰ মেকিং" ৰ যি প্ৰথা চলি আহিছে ইয়াক একেবাৰেই মই ব্যক্তিগতভাৱে পচন্দ নকৰো"- মনোজ বৰকটকী 6

প্ৰশ্নঃ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিব বিচাৰিম।

মনোজ বৰকটকীঃ আগন্তুক প্ৰজেক্ট মানে মই এখন ৱেব চিৰিজ কৰা কথা ভাৱিছিলো কিন্তু এই পৰিস্থিতিৰ বাবে ইমান এটা ডাঙৰ প্ৰকল্প হাতত লৈ মাজতে স্তব্ধ কৰি ৰখাটো ভাল নহ’ব গতিকে সেয়ে, বৰ্তমানৰ কাৰণে ৰৈ গ’ল। আনহাতে মই অডিঅ’ এপ এটাৰ বাবে ঘৰতেই থাকি “অডি’অ ডকুমেন্টৰী” ৰ চিৰিজ এটাৰ কাম কৰি আছো। বাকী মোৰ এখন চুটি ছবি “দাই” মুক্তি দিয়াৰ পৰিকল্পনা কৰিছো; ইতিমধ্যে বিভিন্ন মহোৎসৱলৈ গৈ ছবিখনে উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে গতিকে আগষ্ট-চেপ্তেম্বৰ মাহলৈ হয়টো মই এই ছবিখন মুক্তি দিম।

"ষ্টাৰ মেকিং" ৰ যি প্ৰথা চলি আহিছে ইয়াক একেবাৰেই মই ব্যক্তিগতভাৱে পচন্দ নকৰো"- মনোজ বৰকটকী 7

… ধন্যবাদ মনোজ বৰকটকী। আপোনাৰ আগন্তুক প্ৰকল্পৰ বাবে শুভকামনা যাঁচিলো।

মনোজ বৰকটকীঃ ধন্যবাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform