Rupaliparda.com
"বলীউডত স্থিতি লাভ কৰাটো সহজ নহয়"- সনু সোদ 1

“বলীউডত স্থিতি লাভ কৰাটো সহজ নহয়”- সনু সোদ

অভিনেতা সুশান্ত সিঙে কৰা আত্মহত্যাৰ পিছত বলীউড ক্ষেত্ৰখন তোলপাৰ লগা দেখিবলৈ পোৱা গৈছে। বাহিৰা বনাম ভিতৰুৱা আৰু নানানটা ভিন্ন ধ্বনি শুনিবলৈ পোৱা গৈছে এতিয়াৰ বলীউড ক্ষেত্ৰখনত। কেইবাগৰাকীও তাৰকাই চচিয়েল মিডিয়াৰ পৰা অব্যাহতি লোৱাৰ সমান্তৰালকৈ কেইবাগৰাকীও নিজৰ ফটোত অইনে দিব কমেন্টটো বিৰাম লগাই দিয়ে। এনেবোৰ কথাৰ পিছতেই এতিয়া সুন সোদে নিজৰ কথা ব্যক্ত কৰে, “আপুনি যেতিয়া কষ্ট ও সংগ্ৰাম কৰি থাকে তেতিয়া আপোনাক কোনো লোকে এইটো ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰে যে আপুনি কিমান প্ৰতিভাৱান! এই ক্ষেত্ৰখনত নিজৰ স্থিতি বনোৱাটো বৰ সহজ নহয়; এনে বহু কম বাহিৰা লোক আছে যিয়ে এই ক্ষেত্ৰত আহি সফলতা লাভ কৰিছে।”

"বলীউডত স্থিতি লাভ কৰাটো সহজ নহয়"- সনু সোদ 2


ইয়াৰ উপৰিও সনু সোদে কয় যে, “সুশান্ত সিং ৰাজপুতৰ মৃত্যুত কোনো ডাঙৰ চিলেব্ৰেটী অথবা ষ্টাৰ কিড সকলক দোষী সাৱ্যস্ত কৰাটো গ্ৰহণযোগ্য নহয়। এনে বহু তাৰকাও আছে যিয়ে এই ক্ষেত্ৰখনত আহিবলৈ অইনক সুবিধা প্ৰদান কৰিছে।” সনু সোদে “ডবংগ” আদি ছবিত একোটা গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছিল। বিগত কেইবাদিনৰ পৰা তেওঁৰ নামে চৰ্চা লাভ কৰিছিল সচেতন মহলত। “লক-ডাউন” ৰ সময়ছোৱাত বিভিন্ন জন মজদুৰক নিজ নিজ বাসগৃহত প্ৰেৰণৰ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল অভিনেতা গৰাকীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.