Rupaliparda.com
বুকু ফিন্দাই ফটো আপলোড কৰিলেও ছলমান খানক ট্ৰোল কৰিছে একাংশইঃ 1

বুকু ফিন্দাই ফটো আপলোড কৰিলেও ছলমান খানক ট্ৰোল কৰিছে একাংশইঃ

জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত কেইবাগৰাকীও বলীউড তাৰকাৰ ওপৰত নিজৰ ক্ষোভ প্ৰকাশ কৰিছে একাংশ অনুৰাগীয়ে। ইয়াৰ ভিতৰত এজন হৈছে চুপাৰষ্টাৰ ছলমান খান। বিগত দিনত বিভিন্ন ধৰণে ট্ৰোল হোৱা পিছত আকৌ এবাৰ নিজৰ এখন ফটো আপলোড কৰি ট্ৰোলৰ সন্মুখীন হৈছে অভিনেতা গৰাকী। জিমত কৰা “ৱৰ্কআউট” ৰ এখন ফটো আপলোড কৰাৰ পিছৰে পৰা তেওঁৰ এই ফটোত একোটা মেছেজ যোগে একাংশই ভাইৰেল কৰিছে পোষ্ট। কোনোৱে যদি কৈছে যে “কাৰোবাৰ জীৱন কাঢ়ি কেনেদৰে ভালকৈ জীয়াইছে?” ইয়াৰ উপৰিও কোনোৱে আকৌ কয় যে, “তোমাৰ পাৱাৰ থকা ব’ডীৰ এতিয়া কাম নাই; তোমাৰ কেৰিয়াৰ শেষ হ’বলৈ গৈ আছে। আমি সম্পূৰ্ণৰূপে তোমাক বয়’কট কৰিছো।”

View this post on Instagram

Just finished working out ….

A post shared by Salman Khan (@beingsalmankhan) on


ইমানতেই ক্ষান্ত নাথাকি এজনে আকৌ কৈছে যে,”কাৰোবাৰ জীৱন কাঢ়ি তোমালোক বলীউড পৰিয়ালৰ টোপনি কেনেদৰে আহিব পাৰে?” এনেদৰেই এটাৰ পিছত এটা টুইটেৰে ট্ৰোল কৰি গৈছে একাংশই ছলমান খানক। উল্লেখ্য যে, সুশান্তৰ আত্মহত্যাৰ পিছত ছলমানে নিজ অনুৰাগীক ক্ষান্ত থাকিবলৈ কৈ সুশান্তৰ অনুৰাগী সকলৰ ভাৱনাক সন্মান যাঁচিবলৈ কৈছিল। আনহাতে ছলমান খান, কৰণ জোহৰ, একতা কাপুৰ আদি বিভিন্ন গৰাকী তাৰকাৰ বিৰুদ্ধে বিহাৰ কোৰ্টত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.