Rupaliparda.com
জুবিন গাৰ্গৰ কন্ঠত পুনৰ বাৰ আপ্লুত অনুৰাগীঃ "অ জীৱন" ৰ সফলতা- 1

জুবিন গাৰ্গৰ কন্ঠত পুনৰ বাৰ আপ্লুত অনুৰাগীঃ “অ জীৱন” ৰ সফলতা-

জুবিন গাৰ্গৰ যিকোনো খবৰে উৎসাহিত কৰে সমগ্ৰ জনসাধাৰণক। বিগত বহু দিনৰ অন্তত জুবিন গাৰ্গৰ কন্ঠৰে গীত শুনিবলৈ পাই দুগুণে উৎসাহী হৈ পৰিছে হাৰ্টথ্ৰৱ গৰাকীৰ অনুৰাগী। ক্ষন্তেকতে গীতটি ভাইৰেল হৈছে চচিয়েল মিডিয়াত; জুবিন বুলি ক’লেই নিজৰ আৱেগৰ সৈতে জড়িত কৰি লোৱা একাংশ অনুৰাগীয়ে সদ্যমুক্তিপ্ৰাপ্ত গীতটিক বাৰম্বাৰ শুনিছো বুলিও কমেন্ট কৰা দেখিবলৈ পোৱা গৈছে, মুঠতে কেওঁফালে উৎকন্ঠা। জটিল জীৱনত অহা ঘাত-প্ৰতিঘাতক নেওঁচি এজন যোদ্ধা সদৃশ আগবাঢ়িবলৈ কোৱা এই গীতটি এখন চুটি ছবিত অন্তৰ্ভূক্ত কৰা হৈছে। ঋতুৰাজ দত্তৰ পৰিচালনা ও সম্পাদনাৰে নিৰ্মিত “Drug Menace” ত সন্নিৱিষ্ট কৰা হৈছে এই গীতটিক। যোৱা ২৬ জুন তাৰিখ অৰ্থাৎ “The International Day Against Drug Abuse and Illicit Trafficking” ৰ দিনটোত উক্ত চুটি ছবিখন মুক্তি দিয়া হৈছিল। ছবিখনৰ কাহিনী আছিল হেমন্ত গগৈৰ।


বহু দিনৰ অন্তত জুবিনক শুনিবলৈ পোৱা অনুৰাগী সকলে গীতটিত থকা বিষয়বস্তুটোৰো প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে। গীতটিত কথা মানস মহন্তৰ আৰু গীতটিৰ মাজতেই সংযোগ কৰা “ৰেপ” টোক পৰিৱেশন কৰিছে কুলদীপে। আনহাতে, গীতটিত সংগীত পৰিচালনা কৰিছে নিলোৎপল বৰাই আৰু শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform