Rupaliparda.com
এটি প্ৰেমৰ গীতঃ নীল আকাশ প্ৰডাকচনৰ গীতত এইবাৰ কন্ঠদান বাবন বৰ্ণিলৰ- 1

এটি প্ৰেমৰ গীতঃ নীল আকাশ প্ৰডাকচনৰ গীতত এইবাৰ কন্ঠদান বাবন বৰ্ণিলৰ-

অসমৰ দুই কন্ঠশিল্পী ক্ৰমে বাবন বৰ্ণিল ও নীল আকাশ। এওঁলোকৰ কন্ঠৰ নতুনকৈ চিনাকী কৰোৱাই দিয়া হয়টো নিশ্চয় প্ৰয়োজন নাই। অনুৰাগীৰ দীঘলীয়া শাৰী আৰু তেওঁলোকৰ কন্ঠৰ জনপ্ৰিয়তা বৰ্তমানলৈ অব্যাহত আছে। নিজ কন্ঠ আৰু গীতৰ বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আগবঢ়া বাবন বৰ্ণিলৰ কন্ঠৰে এতিয়ালৈ মুক্তিপ্ৰাপ্ত গীত ক্ৰমে “তলা লগাই থ”, “মৰম লাগি যায়”, “অ’ ৰহিমলা”, “কালদিয়া নৈ” আৰু শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “সোণচেং” ত কন্ঠশিল্পী গৰাকীৰ যোগদান উল্লেখনীয়। কিন্তু, এইবাৰ কিছু ব্যতিক্ৰম তথা নতুন। এইবাৰ এটি গীতৰ সৈতে জড়িত হৈ আছে উক্ত দুই নাম বাবন বৰ্ণিল ও নীল আকাশ। এটি প্ৰেমৰ গীতৰ সৈতে আহি আছে দুয়ো।


সংগীত ক্ষেত্ৰখন অত্যাধিক সুন্দৰ যেন অনুভৱ হ’লেও ইয়াত অন্তৰ্ভূক্ত হৈ জনসাধাৰণৰ সঁহাৰি লাভ কৰাটো খুবেই কঠিন। নীল আকাশে নিজেই কষ্ট আৰু সংগ্ৰামৰ ফলত বৰ্তমান এই জনপ্ৰিয়তাৰ শিখৰলৈ বগাবলৈ সক্ষম হৈছে। তেওঁ প্ৰায়ে নৱপ্ৰজন্মৰ কন্ঠশিল্পী সমূহক সুবিধা প্ৰদান কৰা দেখিবলৈ পোৱা যায় আৰু ইয়াৰে এক উদাহৰণ হৈছে “তুমি বুলিলে”। গীতটিত কন্ঠদান কৰিছে বাবন বৰ্ণিলে আৰু ইয়াক নীল আকাশ প্ৰডাকচনৰ হাউচৰ পৰা মুকলি কৰা হৈছে। গীতটিত কথা আৰু সুৰ প্ৰশান্ত দাসৰ লগতে গীতটিত সংগীত নিখিল আৰু হৰ্ষৰ। “তুমি বুলিলে” ৰ বিষয়বস্তু হৈছে বিকি কলিতাৰ আৰু ইয়াৰ আৰ্টৱৰ্ক কুইন তালুকদাৰৰ তথা গীতটিত এনিমেশ্বন গৰিমা তালুকদাৰৰ।

এটি প্ৰেমৰ গীতঃ নীল আকাশ প্ৰডাকচনৰ গীতত এইবাৰ কন্ঠদান বাবন বৰ্ণিলৰ- 2


নীল আকাশ ও বাবন বৰ্ণিল দুয়ো গৰাকী কন্ঠশিল্পীক একেলগে লাভ কৰি অনুৰাগীও হৈ পৰিছে উৎসাহী। নীল আকাশৰ সদ্যমুক্তিপ্ৰাপ্ত “অ’ আকাশ” শীৰ্ষক গীতটিও ইতিমধ্যে হৈ পৰিছিল জনপ্ৰিয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.