Rupaliparda.com
আৰু কিমান বাকী "ৰঘুপতি" ৰ কাম? "ক'ভিড ১৯" য়ে দিছে নেকি মাধমাৰ? জানক এক্সক্লুচিভলি ৰবি শৰ্মাৰ মুখেৰেঃ 1

আৰু কিমান বাকী “ৰঘুপতি” ৰ কাম? “ক’ভিড ১৯” য়ে দিছে নেকি মাধমাৰ? জানক এক্সক্লুচিভলি ৰবি শৰ্মাৰ মুখেৰেঃ

“ক’ৰ’ণা ভাইৰাছ” আতংকৰ ফলত বিগত মাৰ্চ মাহৰ পৰা দেশত স্তব্ধতাই বিৰাজ কৰিছে। এনে পৰিপ্ৰেক্ষিতত, বহু কেইখন ক্ষেত্ৰই এক বেয়া পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে। ইয়াৰ ভিতৰত বহুলভাৱে ঋণাত্মক প্ৰভাৱ পৰিছে মনোৰঞ্জন ক্ষেত্ৰখনত; মুক্তিৰ দুৱাৰডলিলৈ অহাৰ পৰা উভতি গৈছে কেইবাখনো নতুন ছবি। ইয়াৰ উপৰিও, মুক্তিপাবলগীয়া কেইবাখনো এনেও ছবি আছে যাক লৈ অসমীয়া চলচিত্ৰ প্ৰেমী ৰাইজ বৰ উৎসাহিত হৈ আছিল; যি সমূহ ছবিৰ কেৱল মাত্ৰ বাকী আছিল ৫ অথবা ১০ শতাংশ কামহে। এনে ছবিসমূহৰ ভিতৰত বহু প্ৰত্যাশিত “ৰঘুপতি” ৰ বাবে অপেক্ষাৰত হৈছিল বহু দৰ্শক। অভিনেতা ৰবি শৰ্মাই “ক’ভিড ১৯” ক উদ্দেশ্যি চচিয়েল মিডিয়া যোগে জনসাধাৰণক ইতিমধ্যে বিভিন্ন ধৰণে সজাগ আৰু সচেতন কৰাৰ প্ৰচেষ্টা চলাইছিল। কিছুদিনৰ বাবে স্তব্ধতা আঁতৰি ৰাজ্যত স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত হৈছিল যদিও “ক’ভিড ৰোগী” ৰ সংখ্যা বৃদ্ধিৰ ফলত পুনৰ বাৰ গুৱাহাটী মহানগৰীত ১৪ দিনৰ “লক-ডাউন” ঘোষণা কৰা হয়। ইয়াৰ মাজতে, আৰম্ভ হৈ পৰা শ্বুটিং সমূহ আকৌ এবাৰ স্তব্ধতাৰ মাজত সোমাই পৰে।

আৰু কিমান বাকী "ৰঘুপতি" ৰ কাম? "ক'ভিড ১৯" য়ে দিছে নেকি মাধমাৰ? জানক এক্সক্লুচিভলি ৰবি শৰ্মাৰ মুখেৰেঃ 2


সম্প্ৰতি এই আটাইবোৰ কথাক উদ্দেশ্যি অভিনেতা ৰবি শৰ্মাই ব্যক্ত কৰে নিজ মনৰ কথা। সুব্ৰত কাকতিৰ পৰিচালনা আৰু সৰোজ শৰ্মাৰ দ্বাৰা প্ৰযোজিত”ৰঘুপতি” ক লৈ তেওঁ কিমান আশাবাদী লগতে অনুৰাগীয়ে দিয়া যথেষ্ট সঁহাৰিকো ধন্যবাদ জ্ঞাপন কৰে অভিনেতা গৰাকীয়ে। উল্লেখ্য যে, “ৰঘুপতি” ত মূখ্য চৰিত্ৰ ৰূপায়ন কৰা ৰবি শৰ্মাক প্ৰায়ে অভিনয় ক্ষেত্ৰখনৰ সমান্তৰালকৈ নিজ অনুৰাগী ও দৰ্শকৰ হাত ধৰি আগবাঢ়ি অহা দেখিবলৈ পোৱা যায়। যিকোনো পৰিস্থিতিত সদায় জনসাধাৰণৰ কাষ চাপে উক্ত অভিনেতা গৰাকী। ৰূপালীপৰ্দাৰ ফালৰ পৰা লোৱা ৰবি শৰ্মাৰ এক এক্সক্লুচিভ সাক্ষাৎকাতৰ তেওঁ নিজ আগন্তুক ছবি “ৰঘুপতি” আৰু ইয়াৰ স্থিতিৰ বিভিন্ন কথা খুলি কয়। চাওঁচোন আহক এই ভিডিঅ’টোঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.