Rupaliparda.com
চচিয়েল মিডিয়া ট্ৰেণ্ডিঙত কাৰ্তিক আৰিয়নঃ কিন্তু কিয়? নাজানে তেওঁ! 1

চচিয়েল মিডিয়া ট্ৰেণ্ডিঙত কাৰ্তিক আৰিয়নঃ কিন্তু কিয়? নাজানে তেওঁ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আকৌ এবাৰ দেশক সম্বোধন কৰিছে। ১৭ মিনিট সময় দেশক সম্বোধন কৰি “ক’ভিড ১৯” বিষয়ক ভাষণ প্ৰদান কৰাৰ উপৰিও দেশত আনলক ২.০ ৰ আৰম্ভণি কৰে। মোদীয়ে দেশক সম্বোধন কৰা কথাটোক লৈ প্ৰায়ে জনসাধাৰণৰ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া অহা দেখিবলৈ পোৱা যায়। এইবাৰ এনে এক প্ৰতিক্ৰিয়া প্ৰদান কৰি চচিয়েল মিডিয়াত ট্ৰেণ্ডিঙত আহিল এগৰাকী বলীউড অভিনেতা। কাৰ্তিক আৰিয়নে প্ৰায়ে ভিন্ন সুহুঁতীয়া কথাৰে দৰ্শকক আকৰ্ষণ কৰে আৰু হাঁহিৰ অৱসাদ প্ৰদান কৰে। কাৰ্তিক আৰিয়নে প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্বে এখন ফটো শ্বেয়াৰ কৰে; য’ত তেওঁ দৈ খাই থকা দেখিবলৈ পোৱা যায়। এইখন এনে এখন ফটো যেতিয়া এগৰাকী ছাত্ৰই কোনো পৰীক্ষা দিবলৈ আগবাঢ়ে তেতিয়া তেওঁক দৈ-চেনি খুৱাই পঠিওঁৱা হয় আৰু মাক-দেউতাকৰ শুভকামনা লৈ আগবাঢ়ে তেওঁ আগবাঢ়ে পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ।

https://twitter.com/TheAaryanKartik/status/1277954719114125312?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1277954719114125312%7Ctwgr%5E&ref_url=https%3A%2F%2Fwww.jagran.com%2Fentertainment%2Fbollywood-kartik-aryan-shares-special-photo-before-pm-narendra-modi-address-check-here-20457007.html


কাৰ্তিক আৰিয়নৰ এই ফটোখনক লৈয়ে বৰ্তমান চৰ্চা চলিছে চচিয়েল মিডিয়াত। এজনে কয় যে, “কাৰ্তিকৰ ফটো খনৰ সৈতে থকা ভাৱনাৰ মিল আছে সমগ্ৰ ভাৰতীয়ৰ লগত।” কাৰ্তিক আৰিয়নৰ আগন্তুক সময়ত দুখনকৈ ছবি আহিবলগীয়া হৈ আছে; দুয়োখন ছবিয়েই পূৰণি ছবিৰ চিকুৱেল হয়। এখন হ’ল “ভূল ভূলেইয়া” আৰু আনখন হৈছে “দোস্তানা”। কিন্তু “ক’ভিড ১৯” ৰ ফলত ছবি সমূহৰ শ্বুটিং ৰখাই দিয়া হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.