Rupaliparda.com
বলীউডৰ নৃত্যশিল্পী সৰোজ খানৰ মৃত্যুয়ে স্তব্ধতা সানিছে অসমীয়া মনোৰঞ্জন জগততোঃ 1

বলীউডৰ নৃত্যশিল্পী সৰোজ খানৰ মৃত্যুয়ে স্তব্ধতা সানিছে অসমীয়া মনোৰঞ্জন জগততোঃ

বলীউড নৃত্যশিল্পী সৰোজ খানৰ মৃত্যুত শোকাহত হৈ পৰিছে মায়ানগৰীৰ লগতে অসমীয়া ছবি জগতো। চলিত বৰ্ষত বলীউডত ঘটা একোজন খ্যাতনামা শিল্পীৰ মৃত্যুৱে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে মনোৰঞ্জন ক্ষেত্ৰখনত। প্ৰায় ২০০ খন ছবিত কৰিঅ’গ্ৰাফী কৰা সৰোজ খানৰ মৃত্যুত অসমীয়া অভিনেতা-অভিনেত্ৰীয়েও যাঁচিছে শ্ৰদ্ধাঞ্জলি। চচিয়েল মিডিয়াত ভৰি পৰিছে নৃত্যশিল্পী গৰাকীক ৰোমন্থন কৰা একোখন ফটো; ১৯৭৪ চনত মুক্তিপ্ৰাপ্ত “সীতা মেৰা নাম” শীৰ্ষক ছবিখনৰ পৰাই কৰিঅ’গ্ৰাফাৰ ৰূপে চিনাকী লাভ কৰে সৰোজ খানে।

বলীউডৰ নৃত্যশিল্পী সৰোজ খানৰ মৃত্যুয়ে স্তব্ধতা সানিছে অসমীয়া মনোৰঞ্জন জগততোঃ 2

“নিম্বুড়া নিম্বুড়া”, “কাতে নহি কাততে”, “এক দো তিন”, দৌলা ৰে দৌলা”, “মাৰ ডালা”, “দিল ধক ধক কৰনে লাগা”, “ছোলী কে পিছে” আদি বিভিন্নটা জনপ্ৰিয় গীতত কৰিঅ’গ্ৰাফী কৰি সৰোজ খানে ২০০২ চনত মুক্তিপ্ৰাপ্ত “দেৱদাস” ৰ বাবে ফিল্ম ফেয়াৰ এৱাৰ্ড লাভ কৰাৰ উপৰিও তেওঁ ” দেৱদাস” আৰু “জৱ উই মেট” ৰ বাবে লাভ কৰিছিল শ্ৰেষ্ঠ নৃত্যশিল্পীৰ ৰাষ্ট্ৰীয় বঁটা।

বলীউডৰ নৃত্যশিল্পী সৰোজ খানৰ মৃত্যুয়ে স্তব্ধতা সানিছে অসমীয়া মনোৰঞ্জন জগততোঃ 3


সুন্দৰ সুন্দৰ নৃত্যৰে দৰ্শকৰ মন ভুলোৱা সৰোজ খানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বৰষা ৰাণী বিষয়াকে ধৰি তনভীয়ে কৰা পোষ্ট সমূহ চাওঁচোন আহকঃ

https://www.instagram.com/p/CCLHbyTJ2Xp/?utm_source=ig_web_copy_link
View this post on Instagram

Another big loss for bollywood. RIP #sarojkhan

A post shared by Subasana Dutta (@subasanadutta) on

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform