Rupaliparda.com
ব্যতিক্ৰমী কাপোৰ; ভিন্ন চৰিত্ৰৰে ৰঙীণ ৰণৱীৰ সিংঃ 1

ব্যতিক্ৰমী কাপোৰ; ভিন্ন চৰিত্ৰৰে ৰঙীণ ৰণৱীৰ সিংঃ

চিম্বা ওৰফে গঁলী বয় ওৰফে ৰণৱীৰ সিং; এনে এজন অভিনেতা যাৰ অভিনয়ক লৈ বলীউড জগতত এক সুকীয়া স্থান আছে। নিজৰ পিন্ধনেই হওঁক অথবা নিজৰ ভিন্ন অভিনয়ৰ চৰিত্ৰয়েই হওঁক; প্ৰত্যেকটোতে এক বিশেষত্ব থকা দেখা যায় অভিনেতাগৰাকীৰ। বলীউডৰ এই কঠিন ক্ষেত্ৰ খনত নিজৰ “নাম” টো উজ্বলাই ৰাখিবলৈ কৰিব লগা হয় কঠোৰ সংগ্ৰাম আৰু এই সংগ্ৰামৰ বাবে ৰণৱীৰ সিং আজিৰ তাৰিখত এজন “হায়লি পেইড এক্টৰ”। ৩৫ বছৰীয়া জন্মদিনত “চিম্বা” অথবা “গলি বয়” ক ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো অলেখ শুভকামনা। ২০১০ চনত মুক্তিপ্ৰাপ্ত “বেণ্ড বাজা ৱাৰাট” ৰ পৰা নিজৰ অভিনয় জীৱনৰ কেৰিয়াৰ আৰম্ভ কৰা অভিনেতাগৰাকীয়ে “পদ্মাৱত” লৈ যি যাত্ৰা ৰচনা কৰিছিল; সেই যাত্ৰা আছিল অইনতকৈ বেলেগ।

ব্যতিক্ৰমী কাপোৰ; ভিন্ন চৰিত্ৰৰে ৰঙীণ ৰণৱীৰ সিংঃ 2
ব্যতিক্ৰমী কাপোৰ; ভিন্ন চৰিত্ৰৰে ৰঙীণ ৰণৱীৰ সিংঃ 3


এজন দক্ষ অভিনেতা হোৱাৰ লগতে এজন স্বামীৰ সমষ্ট দায়িত্ব পালন কৰা দেখা যায় অভিনেতাগৰাকীক। বিগত ৭ বছৰে বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনৰ লগত সম্বন্ধত থাকি ২০১৮ চনৰ ১৪ নৱেম্বৰত দুয়ো বিবাহ পাশত আৱদ্ধ হয়। দীপিকা আৰু ৰণৱীৰৰ মাজত হোৱা সম্বন্ধৰ ক্ষেত্ৰত সঞ্জয় লীলা ভঞ্চালিৰ অৰিহণা থকা বুলি প্ৰেমিকযুগলে বহুবাৰ উল্লেখ কৰিছে। চৰ্চিত বিবাহিত যুঁটিৰ লগতে ৰণবীৰৰ নিজ পত্নীক লৈ থকা আন্তৰিকথা সম্বন্ধে চচিয়েল মিডিয়াত প্ৰকাশিত বিভিন্ন ফটো অথবা ৰণৱীৰৰ দীপিকাৰ ফটোত কৰা কমেণ্টৰ দ্বাৰা বুজিব পৰা যায়। ২০১৯ বৰ্ষত অভিনেতা গৰাকীৰ জন্মদিনতেই তেওঁৰ ছবি “৮৩” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছিল; ছবিখন মুক্তি দিয়াৰ কথা আছিল যদিও বৰ্তমান ক’ৰ’ণাৰ ফলত ইয়াক সম্পূৰ্ণৰূপে ৰখাই দিয়া হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform