Rupaliparda.com
চাইকেল ৰেলীৰে সজাগ আৰু সচেতনতাৰ বাৰ্তা অভিনেতা কিশোৰ দাসৰঃ 1

চাইকেল ৰেলীৰে সজাগ আৰু সচেতনতাৰ বাৰ্তা অভিনেতা কিশোৰ দাসৰঃ

অভিনেতা কিশোৰ দাসে চাইকেল চলাই জনসাধাৰণক প্ৰদান কৰিলে সজাগতা আৰু সচেতনতাৰ বাৰ্তা। চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ কোৱাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখক আৰু মাক্স ব্যৱহাৰ কৰিবলৈ কোৱাৰ দৰে বিভিন্ন ধৰণৰ শ্লোগান মাতি অভিনেতা কিশোৰ দাসৰ আৰু তেওঁৰ সংগী একাংশই কৰিলে চাইকেল ৰেলী। তেওঁৰ এনে পদক্ষেপত বৰ্তমান উৎফুল্লিত হৈ পৰিছে জনসাধাৰণ। মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ পৰা আৰম্ভ হোৱা এই ৰেলী আগবাঢ়ে চানডুবিলৈ। প্ৰায় ১০ গৰাকী যুৱকৰ সৈতে যোৱা কিশোৰ দাসে এই ৰেলীটোৰ প্ৰতিনিধিত্ব কৰাৰ উপৰিও এই দলটোৱে জনসাধাৰণক মাস্ক আৰু চেনিটাইজাৰো বিতৰণ কৰে। চানডুবিৰ জনজাতীয় এলেকাত কিশোৰ দাসৰ লগতে তেওঁৰ সংগীয়ে চলোৱা এনে কাৰ্য্যই এতিয়া বহুল সংখ্যাত লাভ কৰিবলৈ সক্ষম হৈছে প্ৰশংসাৰ।

চাইকেল ৰেলীৰে সজাগ আৰু সচেতনতাৰ বাৰ্তা অভিনেতা কিশোৰ দাসৰঃ 2


বৰ্তমান “বান্ধোন” শীৰ্ষক ধাৰাবাহিক খনত অভিনীত কিশোৰ দাস অভিনয় ক্ষেত্ৰখনৰ এক চিনাকী নাম হৈ পৰিছে। তেওঁ অভিনয়ৰ লগতে নৃত্যৰ ক্ষেত্ৰতো বহুল প্ৰতিভাশালী। কেইবাটাও গীতৰ যোগেৰে ইয়াৰ উদাহৰণ পাইছে ইতিমধ্যে অসমীয়া দৰ্শকে। ইয়াৰ উপৰিও, চচিয়েল মিডিয়াত একটিভ হৈ থকা এই গৰাকী অভিনেতাই বিভিন্ন গীতত নৃত্য কৰি নিজ অনুৰাগীক আপ্লুত কৰাও দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.