Rupaliparda.com
অমিতাভ বচ্চন-অভিষেকৰ দেহত "কভিড" ৰ অৱস্থিতিঃ অভিনেত্ৰী ৰেখাৰ বাসভৱন ছীল- 1

অমিতাভ বচ্চন-অভিষেকৰ দেহত “কভিড” ৰ অৱস্থিতিঃ অভিনেত্ৰী ৰেখাৰ বাসভৱন ছীল-

ইটোৰ পিছত সিটোকৈ বেয়া খবৰে বলীউড ক্ষেত্ৰখন যেন জোঁকাৰি গৈছে। বিগত দিনৰ পৰা ক’ৰ’ণা ভাইৰাছক লৈ জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা অভিনেতা বিগ বি অমিতাভ বচ্চন আৰু তেওঁৰ পুত্ৰ অভিষেক বচ্চনৰ দেহত পোৱা গৈছে ক’ৰ’ণাৰ অৱস্থিতি। বিগ বিৰ পিছতেই অভিষেকৰ দেহতো চিনাক্ত হয় “কভিড” মহামাৰীৰ লক্ষণ।

অমিতাভ বচ্চন-অভিষেকৰ দেহত "কভিড" ৰ অৱস্থিতিঃ অভিনেত্ৰী ৰেখাৰ বাসভৱন ছীল- 2

বিগ বি টুইটাৰৰ ব্যক্তিগত একাউন্টৰ পৰা টুইট যোগে নিজৰ এই খবৰ ব্যক্ত কৰে ৰাইজৰ ওচৰত লগতে নিজৰ সংস্পৰ্শলৈ বিগত ১০ দিনৰ ভিতৰত অহা লোককো স্বাব টেষ্ট কৰোৱাৰ আহ্বান জনোৱা দেখিবলৈ পোৱা যায়। আনহাতে, পিতৃৰ পিছত পুত্ৰ ও অভিনেতা অভিষেক বচ্চনৰো দেহত পোৱা যায় “ক’ভিড”। উল্লেখ্য যে, বিগ বিৰ পৰিয়ালৰ আটাইৰে ইতিমধ্যে পৰীক্ষা লোৱা হৈছে আৰু বিগ বিক ভৰ্তি কৰোৱা হৈছে মুম্বাইস্থিত নানাৱতী হাস্পাতালত।

অমিতাভ বচ্চন-অভিষেকৰ দেহত "কভিড" ৰ অৱস্থিতিঃ অভিনেত্ৰী ৰেখাৰ বাসভৱন ছীল- 3


আনহাতে অভিনেত্ৰী ৰেখাৰো নিৰাপত্তা ৰক্ষীৰ দেহত পোৱা গৈছে “ক’ভিড ১৯”। ইয়াৰ পিছতেই অভিনেত্ৰী গৰাকীৰ বাসভৱনটো ছীল কৰি দিয়া হয়। ৰেখাৰ মুম্বাই বান্দ্ৰাস্থিত “Sea Springs” নামে বাসভৱনটো ইতিমধ্যে কনটেইমেন্ট জন ৰূপে ঘোষণা কৰা হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.