Rupaliparda.com
মুনমী ফুকনৰ চেলেঞ্জঃ কৰিব পাৰিবনে আপুনি?? 1

মুনমী ফুকনৰ চেলেঞ্জঃ কৰিব পাৰিবনে আপুনি??

অভিনেত্ৰী মুনমী ফুকনৰ কচৰৎ দেখি আপ্লুত হৈ পৰে প্ৰায় দৰ্শক। এগৰাকী সুদক্ষ অভিনেত্ৰীৰ লগতে নিজ ব’ডিক সুন্দৰভাৱে পৰিচালিত কৰা এইগৰাকী অভিনেত্ৰীয়ে এইবাৰ আপোনালোকলৈও আনিছে কচৰতৰ নতুন চেলেঞ্জ। নিজ মানসিক শক্তিক আৰু অধিক আগতকৈ মজবুত কৰাৰ মানসেৰে এই চেলেঞ্জ দিয়ে অভিনেত্ৰী গৰাকীয়ে। মুনমীয়ে আশা কৰে যে কচৰতৰ দ্বাৰা ব্যক্তিবিশেষৰ যাতে মানসিক স্থিতি উন্নত হৈ পৰে। পূৰ্বেও আপলোড কৰা অভিনেত্ৰী গৰাকীৰ এনে কিছু ভিডিঅ’ই উৎসাহিত কৰিছিল দৰ্শকক। নাগালেণ্ডত জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেত্ৰীয়ে দ্বিতীয় শ্ৰেণীত পঢ়ি থকা সময়ত শিৱসাগৰলৈ আহি আগন্তুক শিক্ষা গ্ৰহণ কৰে। “সন্মিলিত নিমাইজান হুঁচৰি দল” ত বিহু নচা এই গৰাকী অভিনেত্ৰীক “জোনবাই” ভিচিডিৰ চাৰিওটা সংস্কৰণত বেকগ্ৰাউণ্ড ডেন্সাৰ ৰূপে সকলো দৰ্শকে দেখিছে। ২০১২ চনত মুনমী ফুকন ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ সৈতে জড়িত হৈ পৰে; বৃন্দাবন থিয়েটাৰৰ পৰা তেওঁ এই থিয়েটাৰ ক্ষেত্ৰখনত সোমাই পৰে।

https://www.instagram.com/tv/CCfldNmpEAr/?utm_source=ig_web_copy_link


ৰ’দ”, “তুমি আহিবানে”, “ৰামধেনু” আদি ছবিৰ লগতে “অনুৰাধা” ধাৰাবাহিকত অভিনীত মুনমী ফুকনে অসমীয়া কেইবাটাও গীতত অভিনয় কৰিছে। শেহতীয়াকৈ তেওঁক দেখিবলৈ দুখনকৈ ধাৰাবাহিক ক্ৰমে “দুটি মনৰ জোনাক” আৰু “নিবিড় ওৱেডচ নয়না” য়ো লাভ কৰিছিল জনপ্ৰিয়তা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform