এখন ধাৰাবাহিক আৰু এচাম জনসাধাৰণ; “লক-ডাউন” ৰ মাজত বহু ন- সৃষ্টিয়ে পোখা মেলিছে যদিও এতিয়া এখন ধাৰাবাহিকক লৈ একাংশৰ মাজত চলিছে কুঁচকাৱাজ। চচিয়েল মিডিয়াত কৰা ট্ৰোলৰ পৰা আৰম্ভ কৰি এতিয়া ধাৰাবাহিকখনৰ বিতৰ্কই লৈছে ভয়ংকৰ ৰূপ; ৰেঙণি চেনেল যোগে সম্প্ৰচাৰিত “বেগমজান” শীৰ্ষক ধাৰাবাহিক খনৰ মূখ্য চৰিত্ৰত অভিনীত অভিনেত্ৰী প্ৰীতিকংকনাক প্ৰাণে মৰাৰ ভাবুকিও প্ৰদাক কৰিছে এতিয়া একাংশ তথাকথিত সচেতনশীল নাগৰিকে। ধৰ্ষণ কৰি এচিড ঢালি হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা হৈছে অভিনেত্ৰী গৰাকীক আৰু সেইবাবেই প্ৰীতিকংকনা লগতে তেওঁৰ স্বামী সীমান্ত শেখৰে ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে দিছপুৰ আৰক্ষী চকীত। এজাহাৰত দুজন ব্যক্তিৰ দুটা ফোন নম্বৰ সহ সবিশেষ উল্লেখ কৰি দাখিল কৰা হৈছে এজাহাৰ খন। ধাৰাবাহিকখনক লৈ একাংশই কৰা দাবী অথবা ধৰ্ণা আদিৰ বিপৰীতে এগৰাকী অভিনেত্ৰীক উদ্দেশ্যি এনেধৰণৰ মন্তব্য বা ভাবুকি প্ৰদান কৰাত এই সমগ্ৰ বিষয়টো বৰ্তমান অধিক চিন্তনীয় হৈ পৰিছে।

সন্ধিয়া ৬.৩০, ৮.৩০ আৰু নিশা ১১ বজাত সম্প্ৰচাৰিত “বেগমজান” য়ে সম্প্ৰতি সৃষ্ট পৰিৱেশৰ মাজত ধাৰাবাহিকখনৰ বিভিন্ন দৃশ্যাংশই ধৰ্মীয় মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে বুলি প্ৰকাশ কৰিছে বিভিন্নজনে। অসম ব্ৰাহ্মণ যুৱ পৰিষদে ধাৰাবাহিকখন বন্ধ কৰিবলৈ কোৱাৰ লগতে ধাৰাবাহিক খনৰ পৰিচালক ও প্ৰযোজকক ক্ষমা খুজিবলৈও দাবী জনায়। আনহাতে, একাংশ দৰ্শকে বৰ্তমান পৰিপ্ৰেক্ষিতত অৰ্থাৎ দেশৰ এনে অৱস্থাৰ সময়ছোৱাত উক্ত ধৰ্মীয় কাজিয়াবোৰ ভিত্তিহীন বুলি প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়।

কন্ঠশিল্পী সীমান্ত শেখৰে এজাহাৰ খন চচিয়েল মিডিয়াত প্ৰকাশ কৰাৰ সমান্তৰালকৈ এই বিষয়ত চৰকাৰকো দৃষ্টি দিবলৈ আহ্বান জনায়। উল্লেখ্য যে, একাংশ শিল্পীয়ে যদিও ধাৰাবাহিকখনৰ সপক্ষে মাত মতা নাই তৎস্বত্বেও চচিয়েল মিডিয়াত চলা ঋণাত্মক মনোভাৱৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে।
Add comment