Rupaliparda.com
সম্পূৰ্ণ এমাহঃ এমাহৰ পিছত ৰিয়াই ডিপিত ৰাখিলে সুশান্তক- 1

সম্পূৰ্ণ এমাহঃ এমাহৰ পিছত ৰিয়াই ডিপিত ৰাখিলে সুশান্তক-

বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ আজি এমাহ সম্পূৰ্ণ হৈছে। তেওঁৰ মৃত্যুৰ দিনটোৰ পৰা আজিলৈ একাধাৰে বাতৰি সমূহত তেওঁৰ বিষয়ে চৰ্চা চলি থকা দেখিবলৈ পোৱা গৈছে। অভিনেতা গৰাকী মৃত্যুৰ বিষয় লৈ মুম্বাই পুলিচেও সোধ-পোচ বৰ্তমানলৈ অব্যাহত ৰাখিছে। এতিয়ালৈ মুঠ ৩৫ গৰাকীলৈ তাৰকা বা লোকক সোধপোছ কৰিছেে আৰক্ষীয়ে। ইয়াৰ লগতে, সুশান্তৰ মৃত্যুৰ পিছত তেওঁ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীও লাভ কৰিছিল চৰ্চা। এই এমাহলৈ ৰিয়াই চচিয়েল মিডিয়াত কোনোধৰণৰ পোষ্ট কৰা দেখিবলৈ পোৱা নাছিল জনসাধাৰণে; কিন্তু আজি এমাহ সম্পূৰ্ণ হোৱা পিছত ৰিয়াই নিজৰ ৱাটচআপ একাউন্টৰ ডি.পি সলনি কৰে; যিটো দেখি আপুনিও আচম্বিত হৈ পৰিব। ৰিয়াই নিজৰ ৱাটচআপ ডিপিত সুশান্তৰ সৈতে এখন ফটো দিছে; য’ত দুয়োগৰাকী তাৰকা হাঁহি থকা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, সুশান্তৰ মৃত্যুৰ কিছুদিন আগলৈ ৰিয়া তেওঁৰেই বান্দ্ৰাস্থিত বাসগৃহত আছিল। আৰক্ষীয়ে তেওঁক মাতি নি কৰা দীঘলীয়া সোধ-পোছৰ সময়ত তেওঁ এই আটাইবোৰ কথা ব্যক্ত কৰিছিল। তেওঁ কয় যে-

সম্পূৰ্ণ এমাহঃ এমাহৰ পিছত ৰিয়াই ডিপিত ৰাখিলে সুশান্তক- 2


সুশান্ত তেতিয়া অইন ৰিলেশ্বনছিপত আছিল যদিও ৰিয়াৰ সৈতে তেওঁৰ কথা-বতৰা চলি আছিল আৰু ২০১৭-১৮ ত তেওঁলোক ৰিলেশ্বনছিপত আহি গৈছিল। ৰিয়াই আৰক্ষীক কোৱা অনুসৰি, সুশান্ত ভিতৰি ভিতৰি হতাশাৰ মাজলৈ গুচি গৈছিল যদিও তেওঁ কাকো একো খুলি কোৱা নাছিল। যেতিয়াই সুশান্ত হতাশগ্ৰস্ত হয়; তেতিয়াই তেওঁ অকলশৰীয়া হৈ থাকিব বিচাৰে নহ’লে তেওঁ নিজৰ ফাৰ্ম হাউচলৈ গুচি গৈছিল বুলি ব্যক্ত কৰে অভিনেত্ৰী গৰাকীয়ে। যেতিয়া সুশান্তৰ বেছি ডিপ্ৰেছন হৈছিল তেতিয়া তেওঁ ডাক্টৰৰ ওচৰলৈ গৈ নিজৰ ঔষধৰ প্ৰক্ৰিয়া আৰম্ভ কৰে; কিন্তু পিছলৈ তেওঁ এই ঔষধবোৰ লোৱা বন্ধ কৰি পেলাইছিলে। অভিনেত্ৰী গৰাকীয়ে কয় যে ৬ জুন তাৰিখে তেওঁক অভিনেতা গৰাকীয়ে ওলাই যাবলৈ কয় কিছু দিনৰ বাবে আৰু অকলশৰে থাকিব বিচাৰে। ১৪ জুন তাৰিখে সুশান্তৰ মৃত্যুয়ে ৰিয়াকো স্তব্ধ কৰি পেলায়।

Add comment

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.