Rupaliparda.com
সুকন্যা বৰুৱাৰ ন-ন প্ৰচেষ্টাঃ আকৃষ্ট জনসাধাৰণো- 1

সুকন্যা বৰুৱাৰ ন-ন প্ৰচেষ্টাঃ আকৃষ্ট জনসাধাৰণো-

তৃতীয়-চতূৰ্থ শ্ৰেণীৰ পৰাই নাটকৰ শিক্ষা গ্ৰহণ কৰি অহা বৰ্তমান সময়ৰ জনপ্ৰিয় হৈ পৰা অসমীয়া অভিনেত্ৰী গৰাকী হৈছে সুকন্যা বৰুৱা। প্ৰায় সময়তে চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা সুকন্যাই প্ৰায়ে নিজ অনুৰাগীক বিভিন্ন ধৰণে মনোৰঞ্জন কৰোৱা দেখিবলৈ পোৱা যায়। “লক-ডাউন” ৰ সময়ছোৱাত তেওঁ ঘৰতেই থাকি বিভিন্ন ভিডিঅ’ প্ৰস্তুতেৰে আকৰ্ষণ টানিবলৈ সক্ষম হৈছিল; ব্যক্তিগত ইউটিউব চেনেলটোত বিভিন্ন ভিডিঅ’ আপলোড কৰি নিজ প্ৰতিভাৰ নিদৰ্শন দিয়া দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ অভিনেত্ৰী গৰাকীয়ে আপলোড কৰা এটি ভিডিঅ’ই আকৌ এবাৰ লাভ কৰিছে জনপ্ৰিয়তা; যদিও এয়া অভিনেত্ৰী গৰাকীৰ সুক্ষ্ম প্ৰয়াস তৎস্বত্বেও ই লাভ কৰিছে দৰ্শকৰ প্ৰশংসা। নীলাক্ষী নেওঁগৰ জনপ্ৰিয় “বিহুকে নাচি দিং” শীৰ্ষক গীতটিত নৃত্য কৰিছে অভিনেত্ৰী গৰাকীয়ে; তেওঁৰ সৈতে ইয়াত লগ দিছে বৰ্ষাই।


ৰূপালীপৰ্দাৰ সৈতে হোৱা সাক্ষাৎকাৰত যেতিয়া অভিনেত্ৰী গৰাকীক নৃত্যৰ ক্ষেত্ৰত লাভ কৰা প্ৰেৰণাৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “অভিনয়ৰ লগতে মই নৃত্যৰ শিক্ষা সৰুৰ পৰাই লৈছো আৰু দুয়ো ক্ষেত্ৰত সমানে আগবঢ়াৰ চেষ্টা কৰিছো। সত্ৰীয়া নৃত্যত বিষাৰদ লোৱাৰ উপৰিও মই চেমি ক্লাছিকেল আৰু মৰ্ডাণ নিজাববীয়াকৈ শিকিছো। লগতে, আজি কালি চচিয়েল মিডিয়াত ইমানেই নতুন নতুন বস্তু আৰু নতুন নতুন প্ৰতিভা দেখিবলৈ পোৱা যায় যে তাৰ পৰাই প্ৰেৰণা লাভ কৰিবলৈ সক্ষম হওঁ।

সুকন্যা বৰুৱাৰ ন-ন প্ৰচেষ্টাঃ আকৃষ্ট জনসাধাৰণো- 2


ইয়াৰ লগতে, মই ক’বই লাগিব যে বিহু আমাৰ তেজে তেজে আছে; অসমীয়া গীত লগতে বিহু গীত শুনিলে নাচিবটো মন যায়েই। গতিকে গীত বোৰ শুনাৰ লগে লগে নাচিব মন যায় আৰু তেনেকৈয়ে মই নাচি দিয়ো; মনৰ পৰা নাচো বাবেই হয়তো দৰ্শকে পচন্দ কৰে।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.