Rupaliparda.com
সুশান্ত সিং ৰাজপুতৰ হাঁহিয়ে মুহিছিল স্বাস্তিকাকোঃ 1

সুশান্ত সিং ৰাজপুতৰ হাঁহিয়ে মুহিছিল স্বাস্তিকাকোঃ

বৰ্তমান সকলোৰে হৃদয়ত ঠাই বনাবলৈ সক্ষম হোৱা অভিনেতা গৰাকী হৈছে সুশান্ত সিং ৰাজপুত। বৰ্তমানলৈ কোনো দৰ্শকে তেওঁক উলিয়াই দিব পৰা নাই নিজ হৃদয়ৰ পৰা; অহা ২৪ জুলাই তাৰিখে মুক্তি পাবলগীয়া তেওঁৰ ছবিখনক লৈ এতিয়া প্ৰত্যেকজন দৰ্শক অপেক্ষাৰত হৈ পৰিছে। “দিল বেছাৰা” ত অভিনীত প্ৰায় সকলোৱে শ্বুটিং সময়ছোৱাৰ ভিন্ন দৃশ্যাংশ চচিয়েল মিডিয়াত আপলোড কৰি অভিনেতা গৰাকীক মনত পেলোৱা দেখিবলৈ পোৱা গৈছে। ছবিখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনীত অভিনেত্ৰী স্বাস্তিকাই ইনষ্টাগ্ৰাম যোগে এটি ভিডিঅ’ আপলোড কৰে য’ত সুশান্তে তেওঁৰ সৈতে নাচি থকা দেখিবলৈ পোৱা যায়। তেওঁ উক্ত পোষ্টটো শ্বেয়াৰ কৰি কয় যে,


“তেওঁ কিজীৰ লগত নাচি আহি মোৰ লগত নাচিছিল। মই সুশান্তক এনেদৰেই ৰাখিব বিচাৰো। সদায়; সাধাৰণভাৱে; মজা কৰা, সুখত থাকা। তৰাৰ সৈতেও এনেদৰে নাচি থাকিবা ল’ৰা।” তেওঁৰ এই ভিডিঅ’ টো কেমেৰাত আৱদ্ধ কৰি ৰখাৰ বাবে ছবিখনৰ পৰিচালক মুকেশ ছাৱড়াকো ধন্যবাদ জ্ঞাপন কৰে অভিনেত্ৰী গৰাকীয়ে। স্বাস্তিকাক ইতিমধ্যে দৰ্শকে জনপ্ৰিয় ৱেব চিৰিজ “পাতাললৌক” ত দেখিবলৈ পাইছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform