Rupaliparda.com
এপিনে "ক'ৰোণা"; আনপিনে "বেগমজান" ৰ প্ৰতিবাদঃ 1

এপিনে “ক’ৰোণা”; আনপিনে “বেগমজান” ৰ প্ৰতিবাদঃ

“বেগমজান” ধাৰাবাহিকখনক লৈ বিগত দিনৰ পৰাই জনসাধাৰণৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। য’ত একাংশ জনসাধাৰণে ধাৰাবাহিকখন বন্ধ কৰাৰ সকীয়নি প্ৰদান কৰিছে তাতেই আকৌ আনহাতে একাংশই ধাৰাবাহিকখন যোগে কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে তাক চাবলৈ আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে। ৰেঙণি চেনেল যোগে সম্প্ৰচাৰিত এই ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰত অভিনীত অভিনেত্ৰী প্ৰীতিকংকনালৈ হত্যাৰ ভাবুকি দিয়াৰ লগতে তেওঁক ধৰ্ষণ কৰি এচিড ঢলা নিচিনা কথাৰো ব্যক্ত কৰে একাংশই; ফলত এই বিষয় সন্দৰ্ভত প্ৰীতিকংকনা আৰু তেওঁৰ পৰিয়ালবৰ্গই এজাহাৰ দাখিল কৰে কেইবাটাও আৰক্ষী চকীত। এটি ব্যক্তিগত সংবাদ মাধ্যমযোগে অন্যান্য একাংশ শিল্পীয়ে ধাৰাবাহিকখনক লৈ ভিন্ন মতামত দিয়া দেখিবলৈ পোৱা গৈছে। জনপ্ৰিয় শিল্পী ক্ৰমে ৰূপম ভূঞা, দীপলিনা ডেকা ও হিমাংশ প্ৰকাশ দাস আদিয়ে এগৰাকী অভিনেত্ৰীক লৈ চচিয়েল মিডিয়াত কৰা তাচ্ছিল্য আৰু অশ্লীল ভাষা প্ৰয়োগ কৰা লোকক গৰিহণা দিয়ে।

এপিনে "ক'ৰোণা"; আনপিনে "বেগমজান" ৰ প্ৰতিবাদঃ 2
এপিনে "ক'ৰোণা"; আনপিনে "বেগমজান" ৰ প্ৰতিবাদঃ 3


ইয়াৰ উপৰিও, হিমাংশু প্ৰসাদ দাসে ধাৰাবাহিকখনত কি বাৰ্তাৰ সংযোজন কৰা আছে তাক প্ৰথমতে দৰ্শকক জানি লোৱাৰ বাবে আহ্বান জনাই তেওঁ। উল্লেখ্য যে, ধাৰাবাহিকখনক উদ্দেশ্যি ধৰ্মীয় বিবাদৰ সমান্তৰালকৈ বিভিন্ন ঠাইত ধৰ্ণা ও প্ৰতিবাদৰ সৃষ্টি হোৱাও দেখিবলৈ পোৱা গৈছে। কিন্তু এতিয়া প্ৰশ্ন হয়, এনে মহামাৰীৰ পৰিস্থিতিত উক্ত বিষয়টোক লৈ একাংশ লোকে ভিৰ কৰি প্ৰতিবাদ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য? কমেন্ট কৰি জনাওঁক আপোনাৰ মতামত?

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.