Rupaliparda.com
মাজত মাত্ৰ কিছু ঘণ্টাঃ আহি আছে "জানমণি ৱেব ফিল্ম"- 1

মাজত মাত্ৰ কিছু ঘণ্টাঃ আহি আছে “জানমণি ৱেব ফিল্ম”-

NK Bigstar এপটোৱে বৰ্তমান অসমীয়া মনোৰঞ্জন প্ৰিয় দৰ্শকৰ বাবে কঢ়িয়াইছে নিত্য-নতুন বিষয়বস্তুৰ। নতুন ছবিকে আদি কৰি বিভিন্ন খন ৱেব চিৰিজৰ সমাৱেশ ঘটিছে উক্ত এপটোত। একাংশ নৱপ্ৰজন্মৰ শিল্পী, কলা-কুশলীৰ প্ৰতিভাৰে একোখন নতুন ৱেব চিৰিজৰ আৰম্ভণি হ’বলৈ গৈ আছে এই এপটোত। দীৰ্ঘদিনৰ পৰা স্তব্ধ হৈ থকা এন.কে প্ৰডাকচনে পুনৰ বাৰ উভতি আহি নতুন শিল্পী সমূহক দিয়া সুযোগে এতিয়া উৎসাহিত কৰি তুলিছে অসমীয়া দৰ্শককো। চলিত মাহৰ ১৫ জুলাই তাৰিখে “জানমণি ৱেব ফিল্ম” ৰ মুক্তি দিয়া হ’ব উক্ত এপটোত। “জানমণি” ছবিখনৰ পিছত এই এপটোৱে লাভ কৰা দৰ্শকৰ সঁহাৰিৰ পিছত এয়া নিশ্চিত হৈ পৰিছে যে আগন্তুক সময়ত এই এপটোৱে দৰ্শকক বহুল হাৰত নিজৰ ফলীয়া কৰিবলৈ সক্ষম হ’ব।


ৰাজেশ ভূঞাৰ পৰিচালনাৰে আৰু অৰিন্দম কাশ্যপৰ সহঃপৰিচালনাৰে উক্ত ছবিখনৰ কাহিনী ত্ৰিদিব লাহনৰ। উল্লেখ্য যে, ত্ৰিদিব লাহনক পুনৰ বাৰ দৰ্শকে দেখিবলৈ পাব খলনায়কৰ চৰিত্ৰত। প্ৰেম-বিষাদক কেন্দ্ৰ কৰি নিৰ্মিত হোৱা এই “জানমণি ৱেব ফিল্ম” খনত শ্যামন্তিকা শৰ্মাৰ নতুন ৰূপ দেখিবলৈ পাব দৰ্শকে; পূৰণি “জানমণি” ক এতিয়া সোনকালে লগ পাবলৈ সক্ষম হ’ব দৰ্শক । ছবিখনৰ আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে জ্যােতি ভূঞা, মিনু বণিয়া, নিৰূপম শইকীয়া, ৰেবা ফুকন, মিহিৰ জ্যোতি বৰুৱা, বাৰবি ৰাজখোৱা, উদয় শংকৰ, হিমাংশু গগৈ, দেৱজিৎ ডেকা।

মাজত মাত্ৰ কিছু ঘণ্টাঃ আহি আছে "জানমণি ৱেব ফিল্ম"- 2


জ্ঞান গৌতমৰ দৃশ্যগ্ৰহণেৰে ছবিখনত কৰিঅ’গ্ৰাফাৰৰ দায়িত্বত আছিল উদয় শংকৰ। বেকগ্ৰাউণ্ড স্কৰ পলাশ সূৰ্য্য গগৈৰ আৰু সম্পাদনা গগণ ৰাজৰ। আনহাতে, ডি.আই কালাৰিষ্ট সুজিৎ কাৰ্মাকাৰৰ আৰু সংগীত বিমান বৰুৱাৰ। এন.কে.প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ প্ৰমো’ সম্পাদনা মনুজিৎ শৰ্মাৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform