Rupaliparda.com
চুটি ছবিলৈ বাঢ়িছে দৰ্শকৰ টানঃ চিন্ময় বাৰ্মাৰ চুটি ছবিৰ চলিছে চৰ্চা- 1

চুটি ছবিলৈ বাঢ়িছে দৰ্শকৰ টানঃ চিন্ময় বাৰ্মাৰ চুটি ছবিৰ চলিছে চৰ্চা-

বৰ্তমান চুটি ছবিৰ উজান উঠিছে; পূৰ্ণদৈৰ্ঘ্যৰ ছবিসমূহৰ তুলনাত একাংশ চুটি ছবিয়ে আকৰ্ষণ কৰিছে জনসাধাৰণক। চুটি ছবিসমূহ নিৰ্মাণৰ ক্ষেত্ৰত একোখন চুটি ছবি নিৰ্মাতাৰ পাৰদৰ্শিতা ও বিষয়বস্তুৰ উপস্থাপনশৈলী লেখত ল’বলগীয়া। “লক-ডাউন” ৰ এই সময়কণত অথবা ৰাইজৰ হাতত থকা এই সময়খিনিত তেওঁলোকে বহু সৃষ্টিশীল কৰ্মৰাজিক উপলদ্ধি কৰাৰ সুবিধা লাভ কৰিছে। ইতিমধ্যে কেইবাখনো চুটি ছবিয়ে লাভ কৰিবলৈও সক্ষম হৈছে জনসাধাৰণৰ বহুল সমাদৰ; এনে সৃষ্টিশীল কৰ্মৰাজিৰে দৰ্শকৰ মনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে এগৰাকী নৱপ্ৰজন্মৰ পৰিচালকে; নলবাৰী নিবাসী চিন্ময় বাৰ্মাৰ দ্বাৰা পৰিচালিত চুটি ছবিয়ে ইতিমধ্যে টোকৰ মাৰিছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বিভিন্ন খন ছবি সমাৰোহত।

চুটি ছবিলৈ বাঢ়িছে দৰ্শকৰ টানঃ চিন্ময় বাৰ্মাৰ চুটি ছবিৰ চলিছে চৰ্চা- 2
চুটি ছবিলৈ বাঢ়িছে দৰ্শকৰ টানঃ চিন্ময় বাৰ্মাৰ চুটি ছবিৰ চলিছে চৰ্চা- 3

সৰুৰ পৰাই যেতিয়া একোজন শিক্ষাৰ্থীক ঘৰচীয়া জন্তুৰ তালিকাখন বনাবলৈ দিয়া হয় তেতিয়া সেই তালিকাখনত অহা প্ৰথম নামটোৱেই হৈছে “গৰু” ৰ। “গৰু” নহ’লেও ঘৰত পোহা একোটা জীৱ-জন্তু প্ৰতিটো সময়ত এখন পৰিয়ালৰ সদস্য হৈ পৰে। তাৰ খোৱা-লোৱাৰ পৰা আৰম্ভ কৰি তাৰ শোৱালৈ প্ৰত্যেকটো বস্তুত মনোনিৱেশ কৰে এখন পৰিয়ালৰ প্ৰতিজন আন সদস্যই। সমান্তৰালকৈ, পৰিয়ালৰ সদস্য এজনৰ যদিও মৃত্যু হয় অথবা ক’ৰ’বালৈ গুচি যায় তেতিয়াও সেই ঘৰচীয়া জন্তুটোৱে উক্ত ব্যক্তিজনক বিচাৰিবলৈ আৰম্ভ কৰে।

চুটি ছবিলৈ বাঢ়িছে দৰ্শকৰ টানঃ চিন্ময় বাৰ্মাৰ চুটি ছবিৰ চলিছে চৰ্চা- 4


এনেধৰণৰ এক কাহিনীক কেন্দ্ৰ কৰিয়েই পৰিচালক চিন্ময় বাৰ্মাই নিৰ্মাণ কৰি উলিয়াইছিল এখন চুটি ছবি “মৰমে ৰিঙিয়ায়”। এই চুটি ছবিখনে “গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহ” কে আৰম্ভ কৰি “দা লিফ্ট শ্বেচন (ইউ কে) আৰু Fiirst Time Film-maker’s sessions, Pinewood Studios ত মনোনয়ন লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, উক্ত চুটি ছবিখনক লৈ অসমীয়া জনপ্ৰিয় পৰিচালক ভাস্কৰ হাজৰিকাও নিজ মতামত ব্যক্ত কৰে। এখন গাঁৱৰ এক সুন্দৰ বাতাবৰণৰ মাজত নিৰ্মিত “মৰমে ৰিঙিয়ায়” ত অভিনয় কৰিছে বীৰেন দাস আৰু অবিনাশ বৈশ্যই। চুটি ছবিখনৰ কাহিনী আৰু সহঃপৰিচালনা অবিনাশ বৈশ্যৰ আৰু ইয়াৰ চিত্ৰনাট্য আছিল চিন্ময় বাৰ্মাৰ। আনহাতে, দীপজ্যোতি মজুমদাৰৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ সম্পাদনা উপম দাসৰ; লগতে সহঃ দৃশ্যগ্ৰহণকাৰীৰ দায়িত্বত আছিল পৰাগ জ্যোতি বৰ্মন আৰু উপম দাস।

চুটি ছবিলৈ বাঢ়িছে দৰ্শকৰ টানঃ চিন্ময় বাৰ্মাৰ চুটি ছবিৰ চলিছে চৰ্চা- 5


এইখিনিতে, আন এখন চুটি ছবিৰ যোগেৰে দৰ্শকৰ মাজলৈ আহিবলৈ সাজু হৈছে আকৌ এবাৰ চিন্ময়। “ঘোঁৰাপাক” শীৰ্ষক এখন চুটি ছবিৰ সৈতে আহিবলৈ সাজু হৈছে তেওঁ। ব্যতিক্ৰমী বিষয়বস্তুৰে সজ্জিত এই চুটি ছবিখনৰ মুক্তিপ্ৰাপ্ত ফাৰ্ষ্ট লুক পোষ্টাৰখনে ইতিমধ্যে আকৰ্ষণ কৰিছে দৰ্শকক। লোকসাহিত্যৰ এক জনপ্ৰিয় ভূত হৈছে “ঘোঁৰাপাক”; যাৰ আধা অংশ ঘোঁৰাৰ আৰু আনহাতে আন এক অংশ হৈছে “মানৱ”ৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform