বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ এমাহ পিছতো তেওঁৰ অভাৱ অনুভৱ কৰিছে সকলোৱে। কি বলীউড আৰু কি জলীউড; এমাহ ধৰি জনসাধাৰণৰ মুখে মুখে চৰ্চা লাভ কৰা বিষয়টোৱেই হৈছে সুশান্ত সিং ৰাজপুতৰ। তেওঁ অভিনীত এটি গীতে লাভ কৰিছিল দৰ্শক ও শ্ৰোতাৰ বহুল সমাদৰ; গীতটিত যেন সুশান্ত সিং ৰাজপুতৰ অভিনয়হে দিছিল প্ৰাণ। গীতটি আছিল “কেদাৰনাথ” ছবিখনৰ “নমো নমো শংকৰা” শীৰ্ষক গীতটি; সুশান্তৰ মৃত্যুৰ মাহপূৰ্তিত গীতটিৰ “কভাৰ” প্ৰস্তুত কৰিছে এগৰাকী অসমীয়া উদীয়মান কন্ঠশিল্পীয়ে। ৰাজশ্ৰী শইকীয়াৰ কন্ঠৰে উক্ত গীতটি উপভোগ কৰিবলৈ পাই বৰ্তমান উৎসাহিতও হৈ পৰিছে তেওঁৰ অনুৰাগী। প্ৰায়ে বিভিন্ন গীতৰ “কভাৰ” প্ৰস্তুতেৰে দৰ্শক ও শ্ৰোতাৰ আকৰ্ষণ টনা দেখিবলৈ পোৱা যায় কন্ঠশিল্পী গৰাকীক।

অধিক গীতেৰে ৰাজশ্ৰীয়ে নিজ সংগীতৰ ভঁৰাল চহকী নকৰিলেও কন্ঠশিল্পী গৰাকীৰ কন্ঠ আৰু গীত সমূহে আকৰ্ষণ কৰি আহিছে সকলোকে। ১৫ মে’ তাৰিখে নগাঁৱত জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পীয়ে সৰুৰ পৰাই আৰম্ভ কৰিছিল সংগীতৰ শিক্ষা। এখোজ এখোজকৈ সংগীতৰ ক্ষেত্ৰখনত জনপ্ৰিয়তাৰ দিশে খোজ দিয়া ৰাজশ্ৰীৰ প্ৰথমটো গীতে মুক্তি লাভ কৰিছিল ২০১৫ চনত; গীতটিৰ নাম আছিল “লাহি হালে জালে”। গীতটি বৰ্তমান সংগীত প্ৰেমী ৰাইজৰ হৃদয়ত আছে।
Add comment