বিশিষ্ট কন্ঠশিল্পী অৰ্চনা মহন্ত অসূস্থ। ক’ৰোণা মহামাৰীৰ মাজতেই আকৌ এক বেয়া খবৰে কঁপাইছে ৰাজ্যবাসীক। অসমীয়া জনপ্ৰিয় কন্ঠশিল্পী প্ৰয়াত খগেন মহন্তৰ পত্নী অৰ্চনা মহন্ত ব্ৰেইন ষ্ট্ৰো’কত আক্ৰান্ত হয়; তেওঁক ভৰ্তি কৰোৱা হয় গুৱাহাটীস্থিত হেল্থ চিটি হাস্পাতালত। জানিব পৰা মতে, পূৰ্বৰে পৰা শাৰিৰীক অসুস্থতাত ভুগি আছিল কন্ঠশিল্পী গৰাকী। যোৱা কালি তেওঁৰ অৱস্থা সংকটজনক আছিল যদিও এতিয়া তেওঁ সামান্য সূস্থ হৈ উঠিছে। আজি মুম্বাইৰ পৰা গুৱাহাটীলৈ আহিব অৰ্চনা মহন্তৰ পুত্ৰ আৰু কন্ঠশিল্পী অংগৰাগ পাপন মহন্ত। বৰ্তমান অৰ্চনা মহন্তৰ আশু আৰোগ্য কামনা কৰিছে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে আৰম্ভ কৰি কন্ঠশিল্পী গৰাকীৰ অনুৰাগীয়ে।


খগেন মহন্ত আৰু অৰ্চনা মহন্ত দুয়ো মিলি বিভিন্ন খন মঞ্চত একেলগে গীত পৰিৱেশন কৰি দৰ্শকৰ হৃদয় জিনিনলৈ সক্ষম হৈছিল। তেওঁলোকক যুঁটীয়াভাৱে পচন্দও কৰিছিল বিভিন্ন জনে।
Add comment