কোনো এজন শিল্পীৰ হোৱা কোনো ধৰণৰ বিপদৰ সময়ত তেওঁৰ হাতে হাত ধৰি একযোঁট হৈ শিল্পী গৰাকীক লৈ মাত দিয়া দেখিবলৈ পোৱা যায় অসমীয়া শিল্পী সমাজক। বিগত বহু দিনৰ পৰাই ধাৰাবাহিক “বেগমজান” ক লৈ চলিছে বিভিন্ন হূলস্থুলৰ; এই হূলস্থূল অথবা বন্ধ কৰাৰ প্ৰতিবাদ কেৱল “ধাৰাবাহিক” খনৰ লগতেই সীমাবদ্ধ হৈ থকা নাই; এই প্ৰতিবাদৰ জুইয়ে পুৰিবলৈ আৰম্ভ কৰিছিল ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰত অভিনীত অভিনেত্ৰী প্ৰীতিকংকনাকো। “বয়’কট” কৰাৰ পৰা আৰম্ভ কৰি তেওঁক বিভিন্ন কথাৰে কৰা ককৰ্থনা আদিৰে চচিয়েল মিডিয়া ভৰি পৰা দেখিবলৈ পোৱা গৈছিল; কিন্তু এতিয়া এই বিষয় লৈ আগবাঢ়ি আহিছে অসমীয়া শিল্পী সমাজ। অসমীয়া চলচিত্ৰ কৰ্মীয়ে একযোঁট হৈ প্ৰীতিকংকনাক বিভিন্ন জনে কৰা তাচ্ছিল্য আৰু অশ্লীল বক্তব্যৰে কৰা উপলুঙা সমূহৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। Film Fraternity of Assam ৰ দ্বাৰা দাখিল কৰা এই এজাহাৰ খন ফেচবুক যোগে আপলোড কৰে পৰিচালক অচিন্ত শংকৰে।



ইয়াৰ পূৰ্বে প্ৰীতিকংকনা আৰু তেওঁৰ স্বামীয়েও ইয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা কথা জনাইছিল জনাসাধাৰণক। ৰেঙণি চেনেল যোগে সন্ধিয়া ৬.৩০, ৮.৩০ বজাত আৰু নিশা ১১ বজাত সম্প্ৰচাৰিত এই ধাৰাবাহিকখনৰ পৰিচালনা পৱন মহন্তৰ। ধাৰাবাহিকখনত গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহ ৰূপায়ন কৰিছে প্ৰীতিকংকনা, মৃদুল বৰুৱা, কমলেশ শইকীয়া আৰু কেইবাগৰাকীও ন-পূৰণি অভিনেতা-অভিনেত্ৰীয়ে।
Add comment