জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত তেওঁৰ হকে বিভিন্ন জন অনুৰাগীয়ে মাত মতাৰ লগতে তেওঁৰ বিষয়টোক লৈ প্ৰতিটো ক্ষেত্ৰত মতামত ব্যক্ত কৰিছে অভিনেত্ৰী কংগনা ৰাণাওঁটে। বলীউডৰ “নেপোটিজিম” ব্যৱস্থাটোক লৈ মাত মতাৰ উপৰিও অভিনেত্ৰী গৰাকীয়ে এতিয়া মুম্বাই পুলিচৰ তদন্তক লৈও প্ৰশ্নৰ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ৰিপাব্লিক টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অভিনেত্ৰী কংগনাই বলীউডৰ সেই চাৰিজন ব্যক্তিৰ নাম ব্যক্ত কৰে যাক বৰ্তমানলৈ মুম্বাই পুলিচে সুশান্তৰ মৃত্যুৰ বিষয়টোক লৈ সোধ-পোছৰ বাবে মতা নাই। অভিনেত্ৰী গৰাকীৰ অনুসৰি, ছবি নিৰ্মাতা আদিত্য চোপ্ৰা আৰু মহেশ ভাট, পৰিচালক- প্ৰযোজক কৰণ জহৰ আৰু ছবি সমালোচক ৰাজীৱ মচন্দক আৰক্ষীয়ে মাতিব লাগে। কংগনাই কয় যে, “মই এইটো কোৱা নাই যে কোনো লোকে সুশান্তৰ মৃত্যু বিচাৰিছিল কিন্তু তেওঁলোকে এইটো নিশ্চিত ভাৱে বিচাৰিছিল যে অভিনেতা গৰাকী সম্পূৰ্ণ ৰূপে ধ্বংস হৈ যায়।”

অভিনেত্ৰী গৰাকীয়ে লগতে মহেশ ভাট অথবা কৰণ জহৰক কিয় আৰক্ষীয়ে মতা নাই বুলি প্ৰশ্নৰ উত্থাপন কৰে। তেওঁ কয় যে,” তেওঁলোক টকা থকা লোক কাৰণে কি তেওঁলোকক মতা নাই নেকি?? এই সাক্ষাৎকাৰৰ পিছত মোৰ তাত হেৰুৱাবলৈ একো নাই।” ইয়াৰ উপৰিও, উক্ত সাক্ষাৎকাৰত অভিনেত্ৰী গৰাকীয়ে কোনো সংকোচ নোহোৱাকৈ নেপোটিজিমৰ ওপৰত কথা পাতে।
Add comment