Rupaliparda.com
যুৱপ্ৰজন্মৰ সুন্দৰ প্ৰচেষ্টাৰে চুটি ছবি "তাই"- 1

যুৱপ্ৰজন্মৰ সুন্দৰ প্ৰচেষ্টাৰে চুটি ছবি “তাই”-

একোটা সুন্দৰ বাৰ্তাৰে সৈতে এইকেইটাদিনত প্ৰত্যেকজনে চেষ্টা কৰিছে কিবা এটা নতুন কৰাৰ। কোনোৱে যদি নিজৰ প্ৰতিভাৰে গীতৰ সৃষ্টি কৰিছে আনহাতে কোনোৱে সৃষ্টি কৰিছে সৰু সৰু কাহিনীৰ। মুঠতে, দৰ্শকক নিত্য নতুন সৃষ্টিৰ পৰা যেন আহৰি দিয়া নাই একাংশই। কিছুমান গম্ভীৰ বিষয়বস্তুৰ বিপৰীতে একাংশৰ হৃদয়স্পৰ্শী অভিনয়ৰ সৈতে এইকেইটা দিনত নিৰ্মাণ কৰা হৈছে একোখন চুটি ছবি। যুৱপ্ৰজন্মৰ প্ৰচেষ্টাত পোৱা দৰ্শকৰ সহাঁৰি অথবা সমাদৰে তেওঁলোকক আৰু অধিক আগ্ৰহী কৰি তোলে একোটা বস্তুৰ প্ৰতি। প্ৰায়ে নিৰ্মিত কিছু চুটি ছবিৰ ভিতৰত একোখন চুটি ছবিয়ে একোজন দৰ্শকৰ ব্যক্তিগত জীৱনৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হয়; তেনে এক চুটি ছবি হৈছে “তাই”। আচলতে ই যদিও এক প্ৰেমৰ কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে তথাপিও সম্প্ৰতি সমাজ ব্যৱস্থাৰ তথাকথিত কিছু নিয়ম-নীতি সন্নিৱিষ্ট কৰি ইয়াত টুইষ্ট দিয়াৰ চেষ্টা কৰা হৈছে। জ্যোতিষ্ময় ডেকাৰ পৰিচালনা আৰু বিষয়বস্তুৰে নিৰ্মাণ কৰি উলিওৱা হৈছে এই চুটি ছবিখন।

যুৱপ্ৰজন্মৰ সুন্দৰ প্ৰচেষ্টাৰে চুটি ছবি "তাই"- 2


যদিও বিষয়বস্তু গম্ভীৰ আছিল; ইয়াক অভিনয় আৰু দৃশ্যগ্ৰহণৰ দিশত কিছু উন্নত কৰিব পৰা গ’লহেঁতেন যেন অনুভৱ হয়। চুটি ছবিখনৰ ধাৰাবাহিকতা, সম্পাদনা অথবা কাৰিকৰী দিশৰ পৰা কিছু ক্ষেত্ৰত ই দৰ্শকক আমনি কৰিছে যদিও ইয়াৰ বিষয়বস্তুটোৱে দৰ্শকক চুটি ছবিখন সম্পূৰ্ণকৈ চাবলৈ বাধ্য কৰোৱাইছে। “তাই” ক লৈ যুৱচামে কৰা প্ৰচেষ্টাক আচলতে নুই কৰিব পৰা নাযায়; এটা সময়ৰ প্ৰেম আৰু পিছলৈ ই কৰা মানসিক আক্ৰমণে কেতিয়াবা এজন ব্যক্তিবিশেষক নিজ বাস্তৱ আৰু কল্পনাৰ মাজত খেলি-মেলিৰ সৃষ্টি কৰে। এনে এক কাহিনীৰ মাজেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে “তাই”। ইয়াত অভিনয় কৰিছে জ্যোতিস্ময়, ডেমী ডন, নৱ, কাকলি, নিজৰা, দুজিতা চৌধুৰী আৰু অনিন্দ্ৰা চৌধুৰীয়ে।

যুৱপ্ৰজন্মৰ সুন্দৰ প্ৰচেষ্টাৰে চুটি ছবি "তাই"- 3


ইয়াৰ লগতে, চুটি ছবিখনৰ সংগীত আৰু শব্দৰ দায়িত্বত আছে ছানী ভৰদ্বাজ, জীৱন্ত অপূৰ্ব আৰু গীতস্পন্দন ডেকাই। কাকলিৰ কাহিনীৰে ছবিখনত সম্পাদনা ডেমী ডনৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.