Rupaliparda.com
জুবিন গাৰ্গে কি বুলি মাতে সুবাসনা দত্তক?? জনালে সুবাসনাইঃ 1

জুবিন গাৰ্গে কি বুলি মাতে সুবাসনা দত্তক?? জনালে সুবাসনাইঃ

কন্ঠশিল্পী সুবাসনা দত্তই মনত পেলালে জুবিন গাৰ্গৰ সৈতে কটোৱা সময়ৰ এটি সৰু কথা। জুবিন গাৰ্গ আৰু সুবাসনাৰ কন্ঠৰে বহুখিনি গীত ইতিমধ্যে আপোনালোকে উপভোগ কৰিছে; এই গীত সমূহৰ জনপ্ৰিয়তাও আচলতে কোনো ক্ষেত্ৰতেই নুই কৰিব পৰা নাযায় কিয়নো তেওঁলোক দুয়োৰে কন্ঠৰ বহুল অনুৰাগীয়ে ভিৰ কৰা আমি দেখিবলৈ পাওঁ। বহু সময়ত চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা সুবাসনাই নিজ পুত্ৰৰ লগতে হওঁক অথবা নিজৰেই হওঁক বিভিন্ন খন ফটো আপলোড কৰি দৰ্শকৰ মনোৰঞ্জন কৰোৱা দেখিবলৈ পোৱা যায়।

https://www.instagram.com/p/CC75lbwJKpM/?utm_source=ig_web_copy_link

জুবিন গাৰ্গৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি সুবাসনাই কয় যে, “মই ভাৱো, মই ৮ বছৰীয়া আছিলো যেতিয়া মই জুবিন দাক লগ পাইছিলো। আৰু, এতিয়া যেতিয়াই লগ পাওঁ তেতিয়াই তেওঁ মোক মনত পেলাই দিয়ে কৈ পেলায় যে, “অকণমানি ছোৱালীজনী।” বৰ্তমান সময়ৰ সুবাসনা দত্ত এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী; তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত প্ৰায় প্ৰতিটো গীতেই জনপ্ৰিয় বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। উল্লেখ্য যে, শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত সুবাসনাৰ গীত মইনাকণ বাখৰে ইতিমধ্যে অতিক্ৰম কৰিলে ৫ মিলিয়নতকৈও অধিক ভিউৱাৰচ।

জুবিন গাৰ্গে কি বুলি মাতে সুবাসনা দত্তক?? জনালে সুবাসনাইঃ 2


তেওঁক সংগীত ক্ষেত্ৰখনত দৰ্শকৰ মাজলৈ লৈ অনা ব্যক্তি গৰাকীও আছিলে হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। সৰুৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰি অহা সুবাসনাই প্ৰফেচনেলি গীত গোৱাৰ সুবিধা লাভ কৰিছিল মুনীন বৰুৱাৰ ছবি “ৰং” ৰ দ্বাৰা; হাৰ্টথ্ৰৱ জুবিন গাৰ্গে আমন্ত্ৰণ কৰিছিল সুবাসনাক উক্ত ছবিখনৰ গীতত কন্ঠদান কৰিবলৈ।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform