Rupaliparda.com
কোন সঁচা,কোন মিছা? আদিত্য চোপ্ৰা আৰু ভঞ্চালিৰ মন্তব্যৰ খেলি-মেলিঃ 1

কোন সঁচা,কোন মিছা? আদিত্য চোপ্ৰা আৰু ভঞ্চালিৰ মন্তব্যৰ খেলি-মেলিঃ

বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত প্ৰতিদিনেই ন-ন তথ্য বাহিৰ অহা দেখিবলৈ পোৱা গৈছে। এনেক্ষেত্ৰতে, এতিয়া ছবি নিৰ্মাতা আদিত্য চোপ্ৰা আৰু সঞ্জয় লীলা ভঞ্চালিৰ মন্তব্যৰো কিছু খেলি-মেলি হোৱা দেখিবলৈ পোৱা গৈছে। দুয়োয়ে আৰক্ষী ওচৰত বিপৰীত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। ভঞ্চালিয়ে জানিব দিয়া মতে, তেওঁ য়শৰাজ ফিল্মচৰ পৰা অনুমতি বিচাৰিছিলে যাতে তেওঁলোকে সুশান্তক “বাজীৰাওঁ মষ্টানী” ত অভিনয়ৰ বাবে আহিবলৈ দিয়ে কাৰণ সেইটো সময়ত সুশান্ত য়শৰাজৰ কোনো কন্ট্ৰেক্টৰ সৈতে ব্যস্ত আছিল। ৰিপোৰ্টনুসৰি, ভঞ্চালিয়ে কৈছিল যে য়শৰাজ ফিল্মচৰ তৰফৰ পৰা সুশান্তৰ সময় নথকা বুলি কোৱা হৈছিল; কাৰণ সেইটো সময়ত তেওঁ “পানী” নামৰ ছবিখনৰ সৈতে ব্যস্ত আছিল।

কোন সঁচা,কোন মিছা? আদিত্য চোপ্ৰা আৰু ভঞ্চালিৰ মন্তব্যৰ খেলি-মেলিঃ 2


কিন্তু শেখৰ কাপুৰৰ প্ৰকল্প “পানী” সম্পূৰ্ণ হৈ উঠা নাছিল একমাত্ৰ শেখৰ আৰু আদিত্য চোপ্ৰাৰ মাজৰ বেয়া সম্বন্ধ সমূহৰ বাবে। ইয়াৰ পিছতেই আকৌ আদিত্য চোপ্ৰাই আৰক্ষীক কয় যে য়শৰাজ ফিল্মচৰ ওচৰত ভঞ্চালিৰ পৰা কোনো ধৰণৰ আৱেদন অহা নাছিল। ইয়াৰ উপৰিও আদিত্য চোপ্ৰাই ইয়াকো কয় যে য়শৰাজ ফিল্মচে “এম এচ ধোনী” ৰ বাবেও সুশান্তক অনুমতি প্ৰদান কৰিছিল। এই সমূহ তথ্যৰ পৰা এতিয়া কোনে কিমান সঁচা আৰু কোনে কি মিছাৰ আশ্ৰয় লৈছে তাক এতিয়াও জানিব পৰা হোৱা নাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.