Rupaliparda.com
"RAWSTAR STUDIOS" ৰ বেনাৰত নিৰ্মিত আন এক চুটি ছবি "ধুমকেতু"- 1

“RAWSTAR STUDIOS” ৰ বেনাৰত নিৰ্মিত আন এক চুটি ছবি “ধুমকেতু”-

“লক-ডাউন” ৰ মাজতে বিভিন্ন জনে নতুন নতুনকৈ কৰা প্ৰয়াসৰ মাজেৰে জনসাধাৰণৰ কাষ চপা দেখিবলৈ পোৱা গৈছে। এনে ভিন্ন জন লোকৰ মাজত যুৱপ্ৰজন্মৰ প্ৰচেষ্টা লেখত ল’বলগীয়া। পূৰ্ণদৈৰ্ঘ্যৰ নহয়; এওঁলোকে একোখন চুটি ছবিৰ জৰিয়তেই ৰাইজৰ মাজত নিজ প্ৰতিভা বিকাশৰ চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে এনে বহু কেইখন চুটি ছবিৰ চৰ্চা কৰা হৈছে ৰূপালীপৰ্দাৰ জৰিয়তে; বিভিন্ন জনৰ বিষয়বস্তুৰ মানদণ্ড অথবা উপস্থাপনৰ সৰলতাই আকৰ্ষণ কৰিছে দৰ্শকক। গতিকে আকৌ দুগুণ উৎসাহেৰে এই ক্ষেত্ৰখনত আগবঢ়াৰ প্ৰচেষ্টা চলাইছে এতিয়া একাংশই। সম্প্ৰতি পৰিস্থিতিটোৰ মাজতেই “RAWSTAR STUDIOS” ৰ বেনাৰত নিৰ্মিত কেইবাখনো চুটি ছবি মুকলি কৰি দিয়া হৈছে। বৰ্তমান সময়ত দৰ্শকক কিছু হাঁহিৰ অৱসাদ দিয়াৰ লগতে বিনোদন প্ৰদানৰ মানসেৰে এওঁলোকে এনে চুটি ছবি নিৰ্মাণৰ প্ৰচেষ্টা হাতত লৈছে। ইতিমধ্য এওঁলোকৰ ফালৰ পৰা মুক্তিপ্ৰাপ্ত চুটি ছবি দুখন হৈছে ক্ৰমে “ৰাণা-দ্য ডন” আৰু “দেও লগা ছোৱালী”। উক্ত চুটি ছবি দুয়োখনেই দৰ্শকক হহুঁৱাবলৈ সক্ষম হৈছে। উক্ত যুৱপ্ৰজন্মৰ শিল্পী, কলা-কুশলী সকলে পুনৰ বাৰ আন এখন চুটি ছবিৰ সৈতে দৰ্শকৰ মাজলৈ অহা চেষ্টা কৰিছে।

"RAWSTAR STUDIOS" ৰ বেনাৰত নিৰ্মিত আন এক চুটি ছবি "ধুমকেতু"- 2


এই চুটি ছবিখনৰ নাম হৈছে “ধুমকেতু”; ছবিখনৰ কাহিনীৰ উপৰিও পৰিচালনা আৰু সম্পাদনাৰ দায়িত্বত আছে শান্তনু দত্ত লগতে ইয়াৰ দৃশ্যগ্ৰহণ কৰিছে আদিত্য শইকীয়া, প্ৰাঞ্জল শইকীয়া আৰু শান্তনু দত্তই। এখন গাঁৱৰ এক গম্ভীৰ বিষয়বস্তুক সুহুঁতীয়া আৰু হাস্যৰসিকভাৱে জনসাধাৰণৰ মাজলৈ লৈ অনাৰ প্ৰয়াস কৰিছে এওঁলোকে। উক্ত ৩০ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনে যে আকৌ এবাৰৰ দৰ্শকক আমোদ প্ৰদান কৰিব সেয়া নিশ্চিত হৈ পৰিছে। চুটি ছবিখনত সংগীত কৰিছে NEZ MUSIC ৰ বিকাশ গগৈয়ে। অতি সোনকালেই এই চুটি ছবিখনো জনসাধাৰণৰ মাজত মুকলি কৰি দিয়াৰ কথা জানিবলৈ দিয়ে ইয়াৰ পৰিচালকে।


আচলতে, এটা কথা অমান্য কৰিব নোৱাৰি যে আজিৰ এই সময়ছোৱাত নিজ প্ৰতিভাক পৰীক্ষা কৰি চোৱাৰ উদ্দেশ্যে নৱপ্ৰজন্মই যি যি প্ৰচেষ্টা হাতত লৈছে সেয়া লেখত ল’বলগীয়া। এয়া লাগিলে সংগীতেই হওঁক অথবা কোনো ভিডিঅ’ প্ৰস্তুতেই হওঁক নাইবা কোনো চুটি ছবি নিৰ্মাণেই হওঁক। মুঠতে, সকলো ক্ষেত্ৰতেই এওঁলোকে কৰা প্ৰচেষ্টাই জনসাধাৰণকো উৎসাহ যোগাইছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform