Rupaliparda.com
"যিখিনিয়ে মোক সমালোচনা কৰিছে; তাক মই চাবলৈ চেষ্টা কৰো যে কোনে কি কৈছে?"- ডিম্পু বৰুৱা 1

“যিখিনিয়ে মোক সমালোচনা কৰিছে; তাক মই চাবলৈ চেষ্টা কৰো যে কোনে কি কৈছে?”- ডিম্পু বৰুৱা

বৰ্তমান ইউটিউবৰ মাধ্যমেৰে একাংশ যুৱপ্ৰজন্মই জনসাধাৰণক ভিন্ন ন-খবৰ দিয়াৰ উপৰিও ইয়াক প্লেটফৰ্ম হিচাপে লৈ সমাজৰ হকেও কিছু লেখত ল’বলগীয়া কাম সম্পন্ন কৰি আহিছে। এনে এগৰাকী অসমৰ জনপ্ৰিয় ইউটিউবাৰ হৈছে ডিম্পু বৰুৱা। ইউটিউবত কৰা ব্লগ সমূহেৰে তেওঁ একোটা নতুন বস্তুক বুজাবলৈ চেষ্টা কৰাৰ উপৰিও বৰ্তমান সমাজত চলিত কিছু তত্ত্বগধুৰ বিষয়বস্তুকো সৰল কৰি ৰাইজৰ মাজত উপস্থাপনৰ চেষ্টা কৰে। শেহতীয়াকৈ তেওঁ কৰা এক কৰ্মই আকৌ এবাৰ চচিয়েল মিডিয়াত তেওঁক ভাইৰেল কৰাৰ উপৰিও ডিম্পুৰ এই কামৰ প্ৰশংসা কৰিছে। এগৰাকী অসমৰ ইউটিউবাৰ ৰূপে অসমৰ বান সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ ইউটিউবত লাইভ আহে আৰু সেই মাধ্যমেৰে তেওঁ ৪৫ হাজাৰতকৈ অধিক টকা উপাৰ্জন কৰি বানপীড়িত সকলক ১ হাজাৰ টকাকৈ সহায় আগবঢ়ায়। আজি ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত কোনো অভিনেতা/ অভিনেত্ৰী অথবা কন্ঠশিল্পী নাই। আমাৰ মাজত আছে এই গৰাকী ইউটিউবাৰ ডিম্পু বৰুৱা; চাওঁ চোন আহক তেওঁক সোধা প্ৰশ্নবোৰক লৈ তেওঁ কি ক’লেঃ

"যিখিনিয়ে মোক সমালোচনা কৰিছে; তাক মই চাবলৈ চেষ্টা কৰো যে কোনে কি কৈছে?"- ডিম্পু বৰুৱা 2

প্ৰশ্নঃ আপুনি ইউটিউব ক্ষেত্ৰখনত কেতিয়াৰ পৰা অন্তৰ্ভূক্ত হৈছিল??

ডিম্পু বৰুৱাঃ ভাৰতত যেতিয়া জিঅ’ চিম আহিছিল অৰ্থাৎ দুই-আঢ়ৈ বছৰ মানৰ পৰাই মই ইউটিউব ক্ষেত্ৰখনৰ সৈতে জড়িত। মই জিঅ’ চিম লোৱা পিছত প্ৰায়ে ইউটিউবৰ ভিডিঅ’ বোৰ চাব লৈছিলো; চাই ভাবিছিলো যে যদি মই চাব পাৰো, বনাবও পাৰো। তেনেকৈয়ে মই প্ৰথমটো ইউটিউব ভিডিঅ’ বনালো নলবাৰীৰ চৰকাৰী স্কুলৰ ওপৰত; তাৰ পিছত নলবাৰীৰ ওপৰত। আৰু, তেনেকৈয়ে মই আৰম্ভ কৰিছিলো ইউটিউব ভিডিঅ’বোৰ বনোৱা…

"যিখিনিয়ে মোক সমালোচনা কৰিছে; তাক মই চাবলৈ চেষ্টা কৰো যে কোনে কি কৈছে?"- ডিম্পু বৰুৱা 3

প্ৰশ্নঃ বহুতে উপলুঙা কৰে আনহাতে আপোনাক বহুতে প্ৰশংসাও কৰে। এই দুইটা বস্তুক আপুনি কেনেদৰে গ্ৰহণ কৰে?

ডিম্পু বৰুৱাঃ ইয়াত আৰু কি ক’ম! আৰম্ভণিৰে পৰা মোক বহুতে সমালোচনা কৰিছে লগতে ভালকৈও কৈছে। গতিকে যিখিনিয়ে মোক সমালোচনা কৰিছে; তাক মই চাবলৈ চেষ্টা কৰো যে কোনে কি কৈছে? যদি শুদ্ধ কাৰণত মোক সমালোচনা কৰা হৈছে তেতিয়াহ’লে দ্বিতীয়বাৰলৈ মই তাক শুধৰাবলৈ চেষ্টা কৰো; যেনে ধৰক মোৰ ভাষাটোক লৈ সকলোৱে কয়; মই নলবাৰীয়া ভাষাটোক লৈ ভিডিঅ’ বনাও কাৰণে। এই ভাষাটোক বা এই যিটো মোৰ কথা কোৱা ষ্টাইল সেইটো মই সৰুৰ পৰাই গ্ৰহণ কৰিছো গতিকে ইয়াক তৎক্ষণাত মই সলনি কৰিব নোৱাৰো যদিও প্ৰয়াস কৰো যাতে ইয়াক অলপ হ’লেও ঠিক কৰিব পাৰো। আনহাতে, কিছুমানেটো এনেই সমালোচনা কৰে; ভাল ক’লেও কৰে, বেয়া ক’লেও কৰে আৰু এইবোৰক মই বৰ বেছি প্ৰাধান্য নিদিওঁ। বাকী, যিমানখিনি লোকে মোৰ প্ৰশংসা কৰে তেওঁলোকক সঁচাকৈ ধন্যবাদ জনাইছো।

"যিখিনিয়ে মোক সমালোচনা কৰিছে; তাক মই চাবলৈ চেষ্টা কৰো যে কোনে কি কৈছে?"- ডিম্পু বৰুৱা 4

প্ৰশ্নঃ আপোনাক দেখিয়েই আন বহুজনে বৰ্তমান ইউটিউবক নিজৰ পেছা হিচাপে গ্ৰহণ কৰিছে; এইক্ষেত্ৰত আপোনাৰ কিবা পৰামৰ্শ??

ডিম্পু বৰুৱাঃ ইউটিউব পেছা! আচলতে, কেৱল মাত্ৰ ইউটিউবকে পেছা হিচাপে গ্ৰহণ কৰাটো ভাল নহয়; মানে ধৰক আজি যেনেকৈ টিক-টক বন্ধ হৈ গ’ল। ঠিক তেনেকৈ যদি ইউটিউবো বন্ধ হয়? গুগলৰ বস্তু হয় ইউটিউব; ই তৎক্ষণাত বাৰু বন্ধ নহয় তথাপিও কোনে জানে পিছলৈ কি হ’ব! ইউটিউব বন্ধ নহয় যদি আপোনাৰ চেনেলটো বন্ধ হয় যায় তেতিয়াহ’লে কি হ’ব! গতিকে মোৰ মতে “ইউটিউব” ক কেতিয়াও পেছা হিচাপে ল’ব নালাগে, ই ইচ্ছাটেই থকা ভাল। কিন্তু, ইউটিউবটোক আন এটা ধৰণেও ল’ব পাৰে যে আপুনি এতিয়া গান গায় আৰু গানৰ ভিডিঅ’বোৰ আপুনি ইউটিউবত আপলোড কৰে। এতিয়া আপুনি এগৰাকী প্ৰফেচনেল গায়ক/গায়িকা ৰূপেটো কাম কৰেই লগতে ইউটিউবটোকো এটা মাত্ৰ প্লেটফৰ্ম হিচাপে গ্ৰহণ কৰি জনসাধাৰণৰ মাজলৈ অহাৰ প্ৰয়াস কৰিছে। ইউটিউবক এটা মাধ্যম হিচাপে গ্ৰহণ কৰাটো ভাল কিন্তু কেৱল ইউটিউবেই হ’লে পিছলৈ ই অসুবিধাৰো সৃষ্টি কৰিব পাৰে।

"যিখিনিয়ে মোক সমালোচনা কৰিছে; তাক মই চাবলৈ চেষ্টা কৰো যে কোনে কি কৈছে?"- ডিম্পু বৰুৱা 5

প্ৰশ্নঃ আগন্তুক সময়ত ইউটিউব ক্ষেত্ৰখনক লৈ কৰা আন কিবা প্ৰচেষ্টা??

ডিম্পু বৰুৱাঃ প্ৰচেষ্টাটো চলাই গৈ আছো কিন্তু ইয়াৰ উত্তৰ একাষাৰে দি দিয়াটো কঠিন হ’ব; কিয়নো মনলৈ কেতিয়া কি আহে ঠিক নাই। কিছুদিন পূৰ্বে যেনেকৈ মই ইউটিউবত এটা প্ৰচেষ্টা হাতত ল’লো যে লাইভ আহি কিছু সাহাৰ্য্য মই পালো আৰু এইখিনিৰে মই বানপীড়িত সকলক সহায় আগবঢ়ালো। সময় আগবঢ়াৰ লগে লগে এনেধৰণৰ কিছু নতুন নতুন চিন্তালৈ আগবঢ়াৰ চেষ্টা কৰিছো। মই মানুহজনে ফুৰি বৰ ভাল পাওঁ, মোৰ এটা চেষ্টা সদায় থাকিব যে মই বহু ঠাই ফুৰি সেই ঠাইখিনিৰ প্ৰতি কিছু জ্ঞান আহৰণ কৰি যাতে ৰাইজৰ মাজলৈ আগবঢ়াব পাৰো।

"যিখিনিয়ে মোক সমালোচনা কৰিছে; তাক মই চাবলৈ চেষ্টা কৰো যে কোনে কি কৈছে?"- ডিম্পু বৰুৱা 6

প্ৰশ্নঃ কিছুদিন পূৰ্বে টিক-টক আৰু ইউটিউবৰ মাজত এখন শীতল যুদ্ধ হৈছিল; এতিয়া টিক-টক বন্ধ হ’ল বাৰু। চৰকাৰৰ এনে পদক্ষেপক লৈ আপুনি কি ক’ব??

ডিম্পু বৰুৱাঃ মই ইতিমধ্যে এই বিষয়টোক লৈ বহুকেইটা ভিডিঅ’ বনাইছো। আচলতে, “টিক-টক” ৰ দৰে এনে কিছুমান এপ; যিয়ে চেকেণ্ডৰ ভিতৰত মনোৰঞ্জনৰ প্ৰদানৰ চেষ্টা কৰে। এই এপবোৰে মানুহৰ মন-মগজু বোৰ আগ্ৰাসনত লয় আৰু এটা দীঘলীয়া বস্তু চাবলৈ তেতিয়া আমি আমনি পাওঁ। মই এই চিষ্টেমটো বৰ ভাল নাপাওঁ, তাৰ লগতে ই এটা চাইনীজ এপ; চীনে আমাৰ ডাটাবোৰ পাই আছে। গতিকে ভালেই হ’ল, কিন্তু এনে কিছুমান এপ নিজ প্ৰতিভা প্ৰদৰ্শনৰো এটা মাধ্যম; যদিহে ইয়াৰ কেৱল ভাল গুণটো লোৱা হয় তেতিয়া ই ভালকৈয়ে কাম কৰে।

… ধন্যবাদ ডিম্পু বৰুৱা। আপোনাৰ এই কথাবোৰে নিশ্চয় আন বহুতকো সহায় কৰিব।

ডিম্পু বৰুৱাঃ ধন্যবাদ ৰূপালীপৰ্দালৈও।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform