প্ৰত্যেক বছৰৰ দৰেই এইবছৰো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বান সমস্যাই কালৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। কোনোৱে যদি নিজৰ ঘৰখন হেৰুৱাইছে আনহাতে কোনোৱে হেৰুৱাইছে নিজ পৰিয়ালৰ সদস্যক। ক’ৰোণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ এতিয়া ৰাজ্যত দেখিবলৈ পোৱা বান সমস্যাই সঁচাকৈ এক দুখলগা পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই পৰিস্থিতিত ভুক্তভোগী লোকক একাংশ শিল্পী, কলা-কুশলীয়ে ভিন্ন ধৰণে সহায়-সহযোগিতা আগবঢ়াইছে। অৰ্থ দিশৰ পৰা লগতে খাদ্য-বস্তুৰ ফালৰ পৰা বহু লোক আগবাঢ়িছে এওঁলোকৰ সহায়ৰ বাবে; এনে শিল্পী সমাজৰ মাজৰে “ওৱণ্ডাৰ চিষ্টাৰচ” অৰ্থাৎ দুই ভগ্নী ক্ৰমে অলংকৃতা কলিতা আৰু ৰূপাংকৃতা কলিতাই কিছুমান কাপোৰ প্ৰদানেৰে সহায় আগবঢ়াবলৈ আগবাঢ়িছে বানপীড়িত ৰাইজৰ।
![বানপীড়িতক কাপোৰ প্ৰদানেৰে সহায়ৰ চেষ্টা "ওৱণ্ডাৰ চিষ্টাৰচ" ৰঃ 2 বানপীড়িতক কাপোৰ প্ৰদানেৰে সহায়ৰ চেষ্টা "ওৱণ্ডাৰ চিষ্টাৰচ" ৰঃ 2](https://i0.wp.com/wordpress-459758-1440234.cloudwaysapps.com/wp-content/uploads/2020/07/WhatsApp-Image-2020-07-25-at-22.13.43-512x1024.jpeg?resize=512%2C1024&ssl=1)
অলাগতিয়াল অথবা নিজে নিপিন্ধা কিছু কাপোৰ বানপীড়িত সকলৰ সহায়ৰ অৰ্থে আগবঢ়োৱাৰ চেষ্টা কৰিছে এতিয়া এওঁলোকে। গুৱাহাটী নাৰেংগী নিবাসী উক্ত যুঁটিটোৰ নাম বৰ্তমান সকলোৰেই বাবে পৰিচিত। ৰূপাংকৃতাই নিজৰ ডেবিউ গীতেই পৰিৱেশন কৰিছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৈতে। প্ৰায়বোৰ মঞ্চানুষ্ঠানত আমন্ত্ৰণ জনোৱা এই দুয়োগৰাকী গায়িকা গীতসমূহে সমাদৰো লাভ কৰে শ্ৰোতা ও দৰ্শকৰ।
এওঁলোকৰ গীতসমূহৰ উপৰিও দুই ভগ্নীৰ একেধৰণৰ পিন্ধনেও দৰ্শকক আকৰ্ষিত কৰে। মঞ্চত তথা কোনো অনুষ্ঠানত যেতিয়াই দুই ভগ্নীক একেলগে দেখা হয়; দুয়োকে একে ধৰণৰ কাপোৰৰ সৈতেই দেখে দৰ্শকে। “লক-ডাউন” ৰ এই দীঘলীয়া সময়ছোৱাত দুই ভগ্নীয়ে কেতিয়াবা বিভিন্ন ব্যঞ্জন তৈয়াৰ কৰি নাইবা কেতিয়াবা আকৌ দুয়োয়ে ঘৰতেই থাকি কেনেদৰে ৰূপসজ্জা কৰিব পাৰি ইয়াৰ বিভিন্ন পোষ্ট শ্বেয়াৰ কৰি দৰ্শকক দিছে।
Add comment