অভিনেত্ৰী কংগনা ৰাণাওঁটৰ চৰ্চা বিগত বহু দিনৰ পৰা ৰাইজৰ মুখে মুখে শুনিবলৈ পোৱা গৈছে। চচিয়েল মিডিয়াত সক্ৰিয় এই অভিনেত্ৰী গৰাকী ভিন্ন জনক বাক্যবানো মাৰিছে। এনেবোৰ কথাক লৈ ক’ৰ’বাত যদি কোনোৱে তেওঁৰ সহযোগ কৰিছে আনহাতে কোনোৱে তেওঁৰ বিৰোধিতাও কৰিছে। সৰ্বসাধাৰণ ৰাইজৰ লগতে অভিনেত্ৰী গৰাকীৰ সমৰ্থনত মাত মাতিছে বৰ্তমান অভিনেতা শত্ৰুঘ্ন সিনহাই। বলীউড ক্ষেত্ৰখনৰ কেইবাগৰাকী গণ্য-মান্য ব্যক্তিৰ নাম উল্লেখ কৰি শত্ৰুঘ্নই কয় যে,
!["কংগনা মহিলাসকলৰ ধৰ্মেন্দ্ৰ"- শত্ৰুঘ্ন সিনহা 2 "কংগনা মহিলাসকলৰ ধৰ্মেন্দ্ৰ"- শত্ৰুঘ্ন সিনহা 2](https://i0.wp.com/wordpress-459758-1440234.cloudwaysapps.com/wp-content/uploads/2020/07/77167294-1024x576.jpg?resize=770%2C433&ssl=1)
“যিবোৰ ডাঙৰ নাম আপোনালোকে লৈ আছে সেই আটাইবোৰেই সৰু চহৰৰ পৰা অহা। এই আটাইবোৰ লোক সৰু চহৰৰ পৰা আহি ডাঙৰ নাম কৰিবলৈ সক্ষম হৈছে; আপুনি এনেক্ষেত্ৰত জৱহৰলাল নেহৰুকে ল’ব পাৰে।” তাৰ পিছত অভিনেত্ৰী কংগনাৰ বিষয়ে উল্লেখ কৰি কয় যে, “তেওঁ জীৱনত কঠিন সময় পাৰ কৰি আহিছে আৰু এতিয়া ভাল কাম কৰি গৈ আছে। বহু লোকেই কংগনাৰ বিৰোধিতা কৰে আৰু তেওঁৰ বিৰুদ্ধে মন্তব্য কৰে কিয়নো সকলো লোকেই তেওঁক ইৰ্ষা কৰে।”
আকৌ শত্ৰুঘ্নই কয় যে, “তেওঁলোকে ভাবে যে আমাৰ সহায়-সহযোগিতা নোহোৱাকৈ, আমাৰ ইচ্ছা নোহোৱাকৈ লগতে আমাৰ ফালৰ পৰা কোনো এজন নোহোৱাকৈ কংগনাই কেনেকৈ ইমান সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে? তেওঁলোকৰ মনত হীন ভাৱ আছে, তেওঁলোক ইৰ্ষাপৰায়ণ ব্যক্তি। এইটোৱে কাৰণ যে “কংগনা মহিলাসকলৰ ধৰ্মেন্দ্ৰ” হয়। কংগনাই নিজক ধৰ্মেন্দ্ৰৰ দৰেই জনসাধাৰণৰ মাজত উপস্থাপন কৰিছে আৰু সফল হ’বলৈ সক্ষম হৈছে।” উল্লেখ্য যে, কংগনা ৰাণাওঁটো উত্তৰ প্ৰদেশৰ এখন সৰু চহৰৰ পৰা আহি এই ক্ষেত্ৰখনত খোজ দিছিল।
Add comment