Rupaliparda.com
"যেতিয়াই মই অনলাইন আহো আমাৰ একেলগে থকা ফটোবোৰ মই চাওঁ"- জেকলিন ফাৰ্ণাণ্ডেজ 1

“যেতিয়াই মই অনলাইন আহো আমাৰ একেলগে থকা ফটোবোৰ মই চাওঁ”- জেকলিন ফাৰ্ণাণ্ডেজ

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এক সংবাদ মাধ্যমযোগে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজে “লক-ডাউন” ৰ সময়ত নিজ মানসিক স্থিতি কেনেদৰে ৰাখিব লাগে, এই বিষয়ৰ পৰা আৰম্ভ কৰি বলীউডত নিজ কেৰিয়াৰ, ফিটনেছ আৰু বিভিন্ন জন বলীউড চিলেব্ৰেটীৰ বিষয়ে কথা পাতে। তেওঁক যেতিয়া সুশান্ত সিং ৰাজপুতৰ বিষয়ে সোধা হয় তেতিয়া তেওঁ কয় যে, “মোৰ বাবে এতিয়াও এইটো কথাত বিশ্বাস কৰা টান যে সুশান্ত এই পৃথিৱীত নাই। যেতিয়াই মই অনলাইন আহো আমাৰ একেলগে থকা ফটোবোৰ মই চাওঁ, মোৰ বিশ্বাস নহয় যে যাক মই জানো আৰু মোৰ একদম নালাগিছিলে যে তেওঁৰ এনেদৰে মৃত্যু হ’ব কিন্তু তেওঁ আত্মহত্যা কৰি ল’লে। মোৰ এতিয়াও মনত আছে যেতিয়া আমি একেলগে কাম কৰিছিলো সেইটো সময়ত মইয়ে আছিলো যিয়ে তাক কৈছিলো যে সুশান্ত মোৰ এইটো বস্তুত অসুবিধা হৈছে; আমাৰ বণ্ডিংগ ভাল আছিল।” ইয়াৰ উপৰিও তেওঁ কয় যে, “আমি একেলগে এখন ছবি কৰিছিলো কিন্তু আমি একেলগে ষ্টেজ প্ৰগ্ৰেম কৰিছিলো।

"যেতিয়াই মই অনলাইন আহো আমাৰ একেলগে থকা ফটোবোৰ মই চাওঁ"- জেকলিন ফাৰ্ণাণ্ডেজ 2


আমি একেলগে যাত্ৰা কৰিছিলো। তেওঁক সদায় মই এগৰাকী মহান ব্যক্তি ৰূপে চাইছিলো কাৰণ তেওঁ মোক প্ৰায়ে শিকাইছিল যে মই কোনখন কিতাপ পঢ়িব লাগে বা কি চাব লাগে। তেওঁ সদায় এনেকুৱা আছিল যে “আৰে ৰ’বা মই তোমাক এইজন লেখকৰ বিষয়ে ক’ম নাইবা ৰ’বা মই তোমাক এই বিজ্ঞানৰ বস্তুটোৰ বিষয়ে ক’ম।” তেওঁ মোক যি শিকাইছিলে সঁচাকৈ এইবোৰৰ দ্বাৰা মোৰ জীৱনত চলিবলৈ বহুত সহজ হৈ পৰিছিল।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.