Rupaliparda.com
কন্ঠ ও পৰিচালনাৰে ঋতৃষা শৰ্মাৰ নতুন গীত "আকৌ এদিন"- 1

কন্ঠ ও পৰিচালনাৰে ঋতৃষা শৰ্মাৰ নতুন গীত “আকৌ এদিন”-

জনপ্ৰিয় কন্ঠশিল্পী ঋতৃষা শৰ্মাৰ আন এক প্ৰচেষ্টা। এইবাৰ কেৱল কন্ঠদান কৰাই নহয়; তেওঁৰ আগন্তুক গীতটিৰ কথা ও পৰিচালনাৰ সৈতেও জড়িত কন্ঠশিল্পী গৰাকী। গীতটি এটাৰ প্ৰতিটো দিশত নিজৰেই প্ৰতিভা ব্যৱহাৰ কৰি এতিয়া উৎসাহী হৈ পৰিছে কন্ঠশিল্পী গৰাকী। “আকৌ এদিন” শীৰ্ষক তেওঁৰ এই গীতটিক উদ্দেশ্যি বিভিন্ন ধৰণে পোষ্ট কৰি অনুৰাগীক আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে কন্ঠশিল্পী ঋতৃষাক।

তেওঁৰ এই গীতটিৰ জৰিয়তে ভিন্ন নতুন বস্তু দৰ্শকে উপভোগ কৰিবলৈ পাব বুলি ব্যক্ত কৰে। “লক-ডাউন ১.০” ৰ ফলত মুম্বাইৰ বাসগৃহত আৱদ্ধ হৈ পৰা কন্ঠশিল্পী গৰাকী কিছুদিন পূৰ্বে অসমলৈ উভতি আহিছে। শেহতীয়াকৈ তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত হিন্দী গীত “Gustakhiyaan” য়ে ইউটিউবত কেইবাটাও সপ্তাহৰ বাবে দখল কৰি লৈছিল ট্ৰেণ্ডিঙৰ শাৰী। গীতটিৰ পৰিচালক অনুৰাগ শইকীয়াৰ লগতে বাণীবন্ধন, সুৰ আদি দিয়া ক্ষেত্ৰতো গীতটিৰ সৈতে জড়িত হৈ আছিল কেইবাগৰাকীও অসম সন্তান।

https://www.instagram.com/tv/CDOaekiAFd6/?utm_source=ig_web_copy_link


ৰঙালী বিহুৰ সময়ছোৱাতো অসমলৈ উভতি আহিব পৰা নাছিল উক্ত কন্ঠশিল্পী গৰাকী; ফলত বাপতি সাহোন বিহুটিতো তেওঁ চচিয়েল মিডিয়াত হোৱা বিভিন্ন লাইভ অনুষ্ঠানৰ যোগেৰেই অনুৰাগীৰ কাষ চাপিছিল। নিজ কন্ঠৰ যাদুৰে শ্ৰোতাক মোহাচ্ছন্ন কৰি ৰখা এই শিল্পী গৰাকীৰ “লক-ডাউন” সময়তে এটি হিন্দী গীতৰ লগতে মুক্তি লাভ কৰিছিল আন কেইবাটাও গীতৰ কভাৰ। নিজ ব্যক্তিগত ইউটিউব চেনেলটোৰ জৰিয়তে বহুল সংখ্যাত দৰ্শকক টানিবলৈ এই প্ৰচেষ্টা হাতত লৈছিল ঋতৃষাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform