হাৰ্টথ্ৰৱ জুবিন গাৰ্গ সদায় আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকা দেখিবলৈ পোৱা যায়। ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসভৱনলৈ গৈ উঠা এখন ফটোৱে বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰিছিল কন্ঠশিল্পী গৰাকীৰ ওপৰত। সমালোচনা কৰিছিল তেওঁক সৰ্বসাধাৰণে; কিন্তু ইয়াৰ পিছতেই এখন সংবাদ পত্ৰ যোগে তেওঁ ৰাইজৰ মাজত দাঙি ধৰা স্পষ্টীকৰণে জনসাধাৰণৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ দিয়াত সহায় কৰিছিল। আকৌ এবাৰ এটা ব্যক্তিগত সংবাদ মাধ্যম যোগে লোৱা এক সাক্ষাৎকাৰত তেওঁক এই সমষ্ট ঘটনাৰ বিষয়ে সোধাত তেওঁ কয় যে, “ক’ৰোণাই ঠাইয়ে ঠাইয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিলেও কিছু ধনাত্মক মানসিকতাৰো ই সৃষ্টি কৰিছে কিয়নো পূৰ্বতে এবিঘা মাটিক লৈ কোনো কিবা এটা কৰাৰ পৰিকল্পনা কৰা নাছিল কিন্তু এতিয়া এক এনে ধাৰা আৰম্ভ হৈছে।”
হাৰ্টথ্ৰৱ গৰাকীও এনে এক অৰ্থনৈতিক বিপ্লৱৰ কথা চিন্তা কৰিছে য’ত “আমাৰ বাবে, আমাৰ বস্তুৰ বাবে আমাৰ মানুহ” থাকিব। বহু ল’ৰা-ছোৱালী বৰ্তমান “লক-ডাউনে” দিয়া মাধমাৰৰ ফলত নিজ কৰ্মসংস্থাপন হেৰুৱাইছে গতিকে এনে কিছু নৱপ্ৰজন্মৰ শক্তিক, জ্ঞান, স্পৃহাক একযোঁট কৰি জুবিন গাৰ্গে এনে অৰ্থনৈতিক বিপ্লৱ আৰম্ভ কৰাৰ কথা ব্যক্ত কৰে।
তেওঁ দিয়া সাক্ষাৎকাৰত বিৰ্তকিত “কা” ক লৈও নিজ মত ব্যক্ত কৰে। তেওঁ কয় যে, “এটা নিশ্চিত কথা এয় যে “কা” আমি নামানো। ইয়াক নমনাৰ আমাৰ নিজা কিছু কথা আছে, মই আন্দোলন কৰি যাম। আচলতে,মই ৰাইজৰ হৈ সদায় মাত মাতি যাম।” ইয়াৰ উপৰিও কন্ঠশিল্পী গৰাকীয়ে সেইদিনা মূখ্যমন্ত্ৰীক লগ কৰি প্ৰত্যেক বছৰে ৰাজ্যত হোৱা বান পৰিস্থিতিৰ বিষয়েও আলোচনা কৰা বুলি মত প্ৰকাশ কৰে।
Add comment