Rupaliparda.com
"আচলতে আপোনালোকৰ "ভিউজ" হে; "নিউজ" নহয়"-ৰবি শৰ্মা 1

“আচলতে আপোনালোকৰ “ভিউজ” হে; “নিউজ” নহয়”-ৰবি শৰ্মা

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ওপৰত কেইবাটাও প্ৰশ্নৰ উত্থাপন কৰিছে অভিনেতা ৰবি শৰ্মাই। প্ৰত্যেক বছৰৰ দৰে এইবছৰো ৰাজ্যত দেখিবলৈ পোৱা বান পৰিস্থিতিয়ে সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ শুধাইছে। ক’ৰোণাৰ সংক্ৰমণ আঁতৰাবলৈ য’ত জনসাধাৰণক সামাজিক দূৰত্ব ৰাখিবলৈ আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে ঠিক তেনে সময়তে আকৌ একাংশ বৰ্নাত্যই আশ্ৰয় শিবিৰত একেলগে জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে। আনহাতে উক্ত ঠাই টুকুৰাত একাংশই থাকিবলৈ নাপায় হাঁহাকাৰৰো সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে; য’ত কিছুয়ে নিজৰ হেৰুৱাইছে আপোন জনক তাতেই আকৌ আন একাংশই হেৰুৱাইছে নিজ পোহনীয়া জন্তুটোক। গতিকে, এনেক্ষেত্ৰত বিভিন্ন জন সৰ্বসাধাৰণ ৰাইজৰ লগতে সহায়ৰ বাবে আগবাঢ়ি আহিছে অভিনেতা-অভিনেত্ৰীও। ইনষ্টাগ্ৰামত আপলোড কৰা এটি ভিডিঅ’ ৰ দ্বাৰা ৰবি শৰ্মাই বিভিন্ন প্ৰশ্ন উত্থাপন কৰি কয় যে, ” বৰ্তমান ২৮ খনতকৈ অধিক জিলা লগতে ৪০ লাখতকৈও অধিক জনসাধাৰণ এই বান সমস্যাত জৰ্জৰিত হৈছে আৰু আমি অকলেই এই সমস্যাটোৰ সৈতে যুঁজ দিবলগীয়া হৈছে।”


ইয়াৰ উপৰিও তেওঁ প্ৰশ্ন কৰে যে, “অসমৰ সম্পদ সমূহক যেতিয়া “ৰাষ্ট্ৰীয়” বুলি সম্বোধন কৰো তেতিয়াহ’লে আমাৰ সমস্যাটো কিয় “ৰাষ্ট্ৰীয়” সমস্যাৰ আখ্যা দিব পৰা নাযায়?” ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক উদ্দেশ্যি অভিনেতা গৰাকীয়ে কয়ে, “আপোনালোক বৰ্তমান যি বাতৰি প্ৰচাৰ কৰি আছে সেয়া আচলতে প্ৰকৃত “সাংবাদিকতা” নহয়, যি আপোনালোকে দেখুৱাই আছে সেয়া আচলতে আপোনালোকৰ “ভিউজ” হে; “নিউজ” নহয়।” ইয়াৰ লগতে ৰবি শৰ্মাই কয় যে, “মই আগতে ভাৱিছিলো যে হয়টো মোক অসমৰ বাহিৰটো কিছু লোকে চিনি পায়, কিন্তু মই বহুত দুখেৰে ক’বলগীয়া হৈছে যে আচলতে অসমৰ বাহিৰৰ লোকে ভালদৰে অসমখনকেই চিনি নাপায়।” এনেদৰে কিছু প্ৰশ্নৰ উত্থাপন কৰি অভিনেতা গৰাকীয়ে এটি ৫ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ’ প্ৰস্তুত কৰে।

"আচলতে আপোনালোকৰ "ভিউজ" হে; "নিউজ" নহয়"-ৰবি শৰ্মা 2


উল্লেখ্য যে, ৰবি শৰ্মা এনে এগৰাকী অভিনেতা যি গৰাকীয়ে সমাজৰ প্ৰায় প্ৰতিটো বিষয়তে সক্ৰিয়তাৰে থিয় হৈ মাত মাতে। জনসাধাৰণৰ অধিকাৰ অথবা তেওঁলোকৰ হৈ মাত মাতিবলৈ সদায় প্ৰস্তুত এই অভিনেতাগৰাকীয়ে নিজাববীয়াকৈ বিভিন্ন অসহায় লোকক পূৰ্বৰে পৰা সহায় আগবঢ়াই আহিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform