যুৱপ্ৰজন্মৰ প্ৰচেষ্টা আৰু সৃষ্টি সঁচাকৈ লেখত ল’বলগীয়া। ইটোৰ পিছত সিটো প্ৰকল্পই মুক্তি লাভ কৰাৰ পিছতেই এওঁলোকৰ প্ৰচেষ্টাই এতিয়া প্ৰশংসা লাভ কৰিছে জনসাধাৰণৰ মাজত। সদ্যমুক্তিপ্ৰাপ্ত “ধুমকেতু” শীৰ্ষক এখন চুটি ছবিয়ে ইতিমধ্যে লাভ কৰিছে দৰ্শকৰ সমাদৰ। ৩০ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনত এখন গাঁৱৰ এক পৰিস্থিতিক উপস্থাপন কৰা হৈছে; য’ত গাঁৱৰে একাংশ যুৱকে একোটা সংঘৰ নিৰ্মাণ কৰি তাত বিভিন্ন বিষয়বস্তুৰ ওপৰত আলোচনা কৰে। গাঁৱৰে পৰিয়ালৰ এজন সদস্যই বাহিৰলৈ যোৱা স্বত্বেও নিজ গাঁওখনক পাহৰিব নোৱাৰি “এক লাখ” টকাৰ এটা আৰ্থিক সহায় আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে আৰু তাকেই উদ্দেশ্যি গাঁৱৰ যুৱপ্ৰজন্মই কৰা বিভিন্ন প্ৰয়াসক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে চুটি ছবিখন। এটা গম্ভীৰ বিষয়বস্তুক সাৱলীল আৰু হাস্যৰসাত্মক ভাৱে নিৰ্মাণ কৰা “ধুমকেতু” য়ে ইউটিউবত লাভ কৰিছে সমাদৰ।

চুটি ছবিখনত অন্তৰ্ভূক্ত প্ৰতিজন কলা-কুশলীৰ অভিনয় উপভোগ্য। চুটি ছবিখনে কাহিনী উপস্থাপনৰ ক্ষেত্ৰত অধিক সময় গ্ৰহণ কৰাৰ ফলত কিছু সময়ত দৰ্শক অন্যমনস্কও হোৱা পৰিলক্ষিত হৈছে। RAWSTAR STUDIOS ৰ বেনাৰত ছবিখনৰ কাহিনীৰ উপৰিও পৰিচালনা আৰু সম্পাদনাৰ দায়িত্বত আছে শান্তনু দত্ত লগতে ইয়াৰ দৃশ্যগ্ৰহণ কৰিছে আদিত্য শইকীয়া, প্ৰাঞ্জল শইকীয়া আৰু শান্তনু দত্তই। ইয়াত সংগীত কৰিছে বিকাশ গগৈয়ে Studio NEZ MUSIC ৰ পৰা। চুটি ছবিখনত অভিনয় কৰিছে কেইবাগৰাকীও নৱপ্ৰজন্মৰ উদীয়মান শিল্পী, কলা-কুশলীয়ে।

বৰ্তমান সময়ত দৰ্শকক কিছু হাঁহিৰ অৱসাদ দিয়াৰ লগতে বিনোদন প্ৰদানৰ মানসেৰে এওঁলোকে এনে চুটি ছবি নিৰ্মাণৰ প্ৰচেষ্টা হাতত লৈছে। ইতিমধ্য এওঁলোকৰ ফালৰ পৰা মুক্তিপ্ৰাপ্ত চুটি ছবি দুখন হৈছে ক্ৰমে “ৰাণা-দ্য ডন” আৰু “দেও লগা ছোৱালী”। উক্ত চুটি ছবি দুয়োখনেই দৰ্শকক হহুঁৱাবলৈ সক্ষম হৈছে। উক্ত যুৱপ্ৰজন্মৰ শিল্পী, কলা-কুশলী সকলে পুনৰ বাৰ আন এখন চুটি ছবিৰ সৈতে দৰ্শকৰ মাজলৈ অহা চেষ্টা কৰিছে।
Add comment