Rupaliparda.com
অসমীয়া ছবি "বন্ধু" ৰ ন-ন প্ৰচেষ্টাত আপ্লুত অসমীয়া দৰ্শকঃ 1

অসমীয়া ছবি “বন্ধু” ৰ ন-ন প্ৰচেষ্টাত আপ্লুত অসমীয়া দৰ্শকঃ

অসমীয়া ছবি ক্ষেত্ৰখনে বৰ্তমান অপেক্ষা কৰিছে ভাল দিনৰ। বিভিন্ন খন ছবিৰ শ্বুটিঙৰ পৰা আৰম্ভ কৰি স্তব্ধ হৈছে ইয়াৰ মুক্তি। আগন্তুক সময়ত ছবিগৃহ কেতিয়া খুলিব অথবা কেতিয়াৰ পৰা জনসাধাৰণে অসমীয়া ছবি উপভোগ কৰিব সেয়া বৰ্তমান লক্ষণীয় হৈ পৰিছে। তৎস্বত্বেও অসমীয়া মনোৰঞ্জন ক্ষেত্ৰৰ সৈতে জড়িত একাংশই বহুল প্ৰচেষ্টা হাতত লৈছে অসমীয়া জনসাধাৰণক আমোদ প্ৰদান কৰাৰ; ঠিক তেনেক্ষেত্ৰতেই আগন্তুক বহু প্ৰত্যাশিত অসমীয়া ছবি “বন্ধু” য়ে নিজাববীয়াকৈ বিভিন্ন ধৰণে ছবিখনৰ সৈতে সন্নিৱিষ্ট থকা বস্তুবোৰ জনসাধাৰণৰ মাজলৈ অনা প্ৰয়াস কৰিছে। চলিত বৰ্ষৰ প্ৰথমটো ভাগতেই মুক্তিপাবলগীয়া এই ছবিখনৰ বিভিন্ন কাৰণত মুক্তি স্তব্ধ হৈ ৰৈছিল যদিও ভাল দিন আহিলেই ইয়াক ৰাইজৰ মাজলৈ অনাৰ প্ৰতিশ্ৰুতি দিয়ে অভিনেতা নয়ন নীলিমে।

https://youtu.be/TRjjFD7wf1s


চলিত বৰ্ষত উদযাপিত বন্ধুত্ব দিৱসৰ দিনা উক্ত ছবিখনৰ শীৰ্ষ গীতটোৰ গীটাৰ সংস্কৰণটো ছবিখনৰ সৈতে জড়িত কলা-কুশলীয়ে আগবঢ়াই দিয়ে জনসাধাৰণৰ মাজত। শীৰ্ষগীতটিৰ সমান্তৰালকৈ মোবাইলতে শ্বুটিং কৰি উলিওৱা এই সংস্কৰণটোকো আঁকোৱালি লৈছে অসমীয়া চলচিত্ৰ প্ৰেমী জনসাধাৰণে। “বন্ধু” ছবিখনক উদ্দেশ্যি নয়ন নীলিমে কয় যে, “বন্ধু , হৃদয়ৰ নিভাঁজ কোণৰ এনেকুৱা এটা সম্বন্ধ যিটো নিজে নিজেই গঢ় লৈ উঠে; যিটো সম্বন্ধত কোনো চুক্তি নাথাকে। ই কেৱল বিশ্বাসত গঢ় লৈ উঠে; এই মহান সম্পৰ্কৰ সৰু সৰু আবেগ, অনুভূতিক লৈয়ে আমি নিৰ্মাণ কৰি উলিয়াইছিলোঁ “বন্ধু”; কিন্তু সাম্প্ৰতিক সময় পৰিৱেশৰ বাবে আমি ছবিখন আপোনালোকৰ ওচৰলৈ নিব পৰা নাই। ঈশ্বৰে , নিশ্চয় ভাল দিন আনিব আৰু বন্ধুত্বৰ এই সৰু সৰু অনুভূতি বিলাকক আমি আপোনলোকৰ আগত ভালদৰে দেখাব পাৰিম।”

অসমীয়া ছবি "বন্ধু" ৰ ন-ন প্ৰচেষ্টাত আপ্লুত অসমীয়া দৰ্শকঃ 2


সম্প্ৰতি পৰিস্থিতিয়ে যদিও ছবিখন মুক্তিত বাধা হৈ থিয় দিছে তথাপিও ছবিখনৰ সৈতে জড়িত অভিনেতা অথবা কলা-কুশলী সকলে প্ৰায়ে বিভিন্ন মাধ্যমেৰে দৰ্শকৰ কাষ চাপি প্ৰশংসিত হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform