“আকৌ এদিন” ৰ মুক্তিৰ বাবে সাজু হৈ উঠিছে বৰ্তমান কন্ঠশিল্পী ঋতৃষা শৰ্মা। চচিয়েল মিডিয়াত গীতটিক লৈ ইতিমধ্যে কন্ঠশিল্পী গৰাকীয়ে বিভিন্ন পোষ্ট কৰি দৰ্শকক আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে। গীতটিৰ আন এক বিশেষত্ব হৈছে যে এই গীতটিত কথা আৰু সুৰ দুইটাই দিছে কন্ঠশিল্পী ঋতৃষাই নিজে। অহা কাইলৈ মুক্তিপাবলগীয়া উক্ত গীতটিৰ ইতিমধ্যে কেইবাটাও প্ৰমো’ অথবা ফটোৱে মুক্তি লাভ কৰিছে। তেওঁৰ এই গীতটিৰ জৰিয়তে ভিন্ন নতুন বস্তু দৰ্শকে উপভোগ কৰিবলৈ পাব বুলি ব্যক্ত কৰে কন্ঠশিল্পী গৰাকীয়ে। “লক-ডাউন ১.০” ৰ ফলত মুম্বাইৰ বাসগৃহত আৱদ্ধ হৈ পৰা কন্ঠশিল্পী গৰাকী কিছুদিন পূৰ্বে অসমলৈ উভতি আহিছে। শেহতীয়াকৈ তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত হিন্দী গীত “Gustakhiyaan” য়ে ইউটিউবত কেইবাটাও সপ্তাহৰ বাবে দখল কৰি লৈছিল ট্ৰেণ্ডিঙৰ শাৰী। গীতটিৰ পৰিচালক অনুৰাগ শইকীয়াৰ লগতে বাণীবন্ধন, সুৰ আদি দিয়া ক্ষেত্ৰতো গীতটিৰ সৈতে জড়িত হৈ আছিল কেইবাগৰাকীও অসম সন্তান।
ৰঙালী বিহুৰ সময়ছোৱাতো অসমলৈ উভতি আহিব পৰা নাছিল উক্ত কন্ঠশিল্পী গৰাকী; ফলত বাপতি সাহোন বিহুটিতো তেওঁ চচিয়েল মিডিয়াত হোৱা বিভিন্ন লাইভ অনুষ্ঠানৰ যোগেৰেই অনুৰাগীৰ কাষ চাপিছিল। নিজ কন্ঠৰ যাদুৰে শ্ৰোতাক মোহাচ্ছন্ন কৰি ৰখা এই শিল্পী গৰাকীৰ “লক-ডাউন” সময়তে এটি হিন্দী গীতৰ লগতে মুক্তি লাভ কৰিছিল আন কেইবাটাও গীতৰ কভাৰ। নিজ ব্যক্তিগত ইউটিউব চেনেলটোৰ জৰিয়তে বহুল সংখ্যাত দৰ্শকক টানিবলৈ এই প্ৰচেষ্টা হাতত লৈছিল ঋতৃষাই।
Add comment