সুশান্ত সিং ৰাজপুত আৰু তেওঁৰেই পূৰ্ব মেনেজাৰ দিশা সালিয়নৰ মৃত্যুক একাংশই এটা আনটোৰ সৈতে জড়িত বুলি বাৰম্বাৰ কোৱাৰ লগতে এই সমষ্ট ঘটনাটোৰ তদন্ত কৰাৰো কথা বাখ্যা কৰিছিল অভিনেতা গৰাকীৰ একাংশ অনুৰাগীয়ে। দিশাৰ মৃত্যুৰ পূৰ্বে সুশান্তক ফোন কৰা অথবা মৃত্যুৰ পিছত তেওঁক নগ্ন অৱস্থাত উদ্ধাৰ কৰা আদি কথাক বৰ্তমান নাকচ কৰিছে মুম্বাই পুলিচে। আচলতে, খবৰ আহিছিল যে সুশান্ত সিং ৰাজপুতৰ পূৰ্ব মেনেজাৰ দিশা সালিয়নে তেওঁৰ শেষৰটো ফোন সুশান্তক কৰিছিল। কিন্তু, এই আটাইবোৰ কথাক এতিয়া উৰা বাতৰিৰ নাম দিছে মুম্বাই পুলিচে। পুলিচৰ মতে, দিশাই নিজৰ শেষৰটো ফোন সুশান্তক নহয় অংকিতা নামৰ এগৰাকী তেওঁৰেই বান্ধৱীক কৰিছিল।

তেওঁৰ মৃত্যুৰ কিছু মূহুূৰ্ত পিছতেই দিশাৰ কাষ পাইছিল আৰক্ষী আৰু সেই সময়ত উপস্থিত আছিল দিশাৰ পিতৃ-মাতৃও। একাংশ উৰা-বাতৰিক দেখি দিশাৰ পিতৃ মাতৃয়ে নিজৰ ছোৱালীক বদনামৰ ভাগি নকৰালৈ আহ্বান জনাইছে। দিশা আৰু সুশান্তৰ মৃত্যৰ ঘটনাটোক এতিয়া এটাক আনটোৰ সৈতে জড়িত কৰি তোলা হৈছে।
Add comment