Rupaliparda.com
সুশান্ত সিং ৰাজপুতৰ সৈতে কিয় বিচ্ছেদ হৈছিল অংকিতাৰ? সুশান্তৰ বিষয়ত অন্তৰ্ভূক্ত হ'ব পাৰে এই তদন্তঃ 1

সুশান্ত সিং ৰাজপুতৰ সৈতে কিয় বিচ্ছেদ হৈছিল অংকিতাৰ? সুশান্তৰ বিষয়ত অন্তৰ্ভূক্ত হ’ব পাৰে এই তদন্তঃ

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে বৰ্তমান জড়িত হৈ পৰিছে ৰাজনীতি। যি মৃত্যুক পূৰ্বতে কেৱল “আত্মহত্যা” আখ্যা দিয়া হৈছিল তাৰ সৈতে বৰ্তমান কেইবাটাও বিষয় জড়িত হৈ পৰিছে। সুশান্তৰ মৃত্যুৰ বিষয়টোক লৈ মহাৰাষ্ট্ৰ চৰকাৰ আৰু বিহাৰ চৰকাৰৰ মাজত মতানৈক্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। চি.বি.আই তদন্ত হোৱাৰ আগলৈ সুশান্তৰ মৃত্যুৰ কথাটোক লৈ বিহাৰ আৰু মুম্বাই পুলিচৰ মাজতো কথাৰ কটা-কটি হোৱা দেখিবলৈ পোৱা গৈছিল। এইবাৰ এই বিষয়ত মুখ খুলিছে শিৱসেনা নেতা সঞ্জয় ৰাউটে। নেতা গৰাকীয়ে নিজৰ মন্তব্যত বিভিন্ন কথা খুলি কয়; তেওঁ সুশান্তৰ মৃত্যুৰ বিষয়টোত এতিয়া টানি আনিছে অভিনেতা গৰাকীৰ পূৰ্ব প্ৰেয়সী অংকিতা লোখণ্ডেৰ নাম। তেওঁ কয় যে, “সুশান্তৰ জীৱনত দুগৰাকী নাৰী আছিল ৰিয়া চক্ৰৱৰ্তী আৰু অংকিতা লোখণ্ডে। অংকিতাইটো সুশান্তক এৰি দিলে; বৰ্তমান যাৰ ওপৰত এই আটাইবোৰ আৰোপ লাগি আছে তেওঁ সুশান্তৰ সৈতে আছিল। গতিকে,অভিনেতা গৰাকীৰ মৃত্যুৰ বিষয়টোত অংকিতা আৰু সুশান্তৰ কিয় বিচ্ছেদ হৈছিল তাৰো তদন্ত হোৱা উচিত; জনসাধাৰণে সেয়া জনাটোও উচিত।” ইয়াৰ বাহিৰেও নেতা গৰাকীয়ে সুশান্ত আৰু তেওঁৰ পিতৃৰ মাজত ভাল সম্পৰ্ক নাছিল বুলি কয়।

সুশান্ত সিং ৰাজপুতৰ সৈতে কিয় বিচ্ছেদ হৈছিল অংকিতাৰ? সুশান্তৰ বিষয়ত অন্তৰ্ভূক্ত হ'ব পাৰে এই তদন্তঃ 2


তেওঁ কয় যে, “সুশান্তৰ পিতৃৰ ওপৰত কোনোৱে প্ৰভাৱ বিস্তাৰ কৰাৰ বাবে তেওঁৰ পিতৃয়ে গৈ বিহাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।” নেতা গৰাকীৰ মতে সুশান্তৰ এয়া এক আত্মহত্যা আৰু কোনো উত্তৰ নথকা প্ৰশ্নটো বিচাৰি ঘূৰি আছে এতিয়া চি.বি.আই অথবা জনসাধাৰণে। সঞ্জয়ে বিভিন্ন ধৰণৰ কথা কোৱাৰ লগতে বিহাৰৰ ডি.জি.পি গুপ্তেশ্বৰ পাণ্ডেৰ ওপৰতো প্ৰশ্ন উঠাই কয় যে “তেওঁ এগৰাকী বিজেপিৰ মানুহ আৰু তেওঁৰ ওপৰত ২০০৯ চনত বিভিন্ন চাৰ্চ লাগি আছে।” নেতাগৰাকীৰ ফালৰ পৰা সুশান্তৰ এই বিষয়টোক ৰাজনীতিকৰণ কৰা হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.