Rupaliparda.com
"Losers" ৰে ৱেব চিৰিজৰ ন-পন্থা হাতত লৈছে এন.কে প্ৰডাকচনেঃ 1

“Losers” ৰে ৱেব চিৰিজৰ ন-পন্থা হাতত লৈছে এন.কে প্ৰডাকচনেঃ

এখন নতুন ৱেব চিৰিজক লগত লৈ সাজু হৈ উঠিছে অসমীয়াৰ আৱেগ নিৱদ্ধ হৈ থকা প্ৰডাকচন হাউচ এন.কে প্ৰডাকচন। বৰ্তমান ডিজিটেলী আমোদ লাভ কৰিব বিচৰা দৰ্শকৰ ওচৰত ৱেব চিৰিজ কেইখন এক সুন্দৰ মাধ্যম হৈ পৰিছে। এমেজন প্ৰাইম টাইম, নেটফ্লিক্স ইত্যাদি এপত উপলদ্ধ একাংশ ৱেব চিৰিজৰ দৰে বৰ্তমান অসমীয়া দৰ্শকৰ বাবে উপলদ্ধ হ’বলৈ গৈ আছে একোখন অসমীয়া ৱেব চিৰিজ। আৰু, এইক্ষেত্ৰত অসমীয়া দৰ্শকক বহুল আমোদ প্ৰদান কৰাৰ স্বাৰ্থত আগবাঢ়ি আহিছে এন.কে প্ৰডাকচন। NK Big Star এপটোৰ মুক্তিৰ পিছতেই ইয়াত জনসাধাৰণৰ বাবে উপলদ্ধ কৰা হৈছে চিনেমাৰ লগতে ৱেব চিৰিজ। “জানমণি ২০২০” আৰু “জানমণি ৱেব ফিল্ম” ৰ পিছত এপটোলৈ আহিছে নতুন নতুন বিষয়বস্তুৰে নিৰ্মিত কেইবাটাও প্ৰকল্প। ৫০ হাজাৰতকৈও অধিক দৰ্শকে এই এপটোক ডাউনলোড কৰিছে; নৱপ্ৰজন্মৰ প্ৰতিভা আৰু কিছু ব্যতিক্ৰমী বিষয়বস্তুৰে আগবঢ়া এই প্ৰডাকচন হাউচটোক লৈ আচলতে উৎসাহী দৰ্শক সকলো। এই এপটোতে আগন্তুক সময়ত মুক্তি পাবলগীয়া ৱেব চিৰিজ “Losers” ৰ শেহতীয়াকৈ মুক্তি লাভ কৰিছে ফাৰ্ষ্ট লুক পোষ্টাৰ লগতে প্ৰমো’।

https://www.instagram.com/tv/CDsWOeGH9Ni/?utm_source=ig_web_copy_link
"Losers" ৰে ৱেব চিৰিজৰ ন-পন্থা হাতত লৈছে এন.কে প্ৰডাকচনেঃ 2


“Losers” পৰিচালনা মনুজিৎ শৰ্মাৰ আৰু দৃশ্যগ্ৰহণ জ্ঞান গৌতমৰ। ছবিখনৰ সহঃ পৰিচালনা অৰিন্দম কাশ্যপৰ আৰু ইয়াৰ ৰূপসজ্জা কামছিৰ। ইয়াত অভিনয় কৰিছে উজ্জ্বল কুমাৰ, অভিনৱ গোস্বামী, ৰচেলিন ভাৰতী, অাটলান্টা শৰ্মা, কুকিল শইকীয়া, সম্ৰাট বৰা আৰু পল্লৱী হাজৰিকাই। ইয়াৰ কাহিনী এম.মনিৰামৰ আৰু চিত্ৰনাট্য ও সংলাপ চিৰন্তন মহন্তৰ। ক্ৰাইম থ্ৰীলাৰ ধৰ্মী এই ৱেব চিৰিজ খন হয়টো অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত এক নতুন বস্তু হিচাপে পৰিগণিত হ’ব; নতুনত সোঁৱাদ দিয়াৰ ক্ষেত্ৰত সদায় এক নাম ৰাখি অহা এন.কে.প্ৰডাকচনে বিগত ৬ বছৰৰ পিছতো সেই একেই কাৰ্যাৱলী হাতত লৈ আগবাঢ়ি আহিছে।

"Losers" ৰে ৱেব চিৰিজৰ ন-পন্থা হাতত লৈছে এন.কে প্ৰডাকচনেঃ 3


উল্লেখ্য যে, কেৱল মাত্ৰ এখনেই ৱেব চিৰিজ নহয়; আন বিভিন্নটা প্ৰকল্পক লগত লৈ আহিবলৈ প্ৰস্তুত এন.কে প্ৰডাকচন। অৰ্ণৱ, আস্থা আৰু JEC ৰ সৈতে জড়িত জনপ্ৰিয় ৰোমান্টিক প্ৰেম কাহিনীৰ লগতে “পিজা বয়”, “পাঞ্চালী”, “কালিদেৱ” আদি কেইবাখনো ন-প্ৰকল্প আগন্তুক দিনত আহিব ৰাইজৰ মাজলৈ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform