অসমীয়াই “অসমীয়া” ক বিচাৰি হাবাথুৰি খোৱা কথাই কেতিয়াবা আপোনালোকক আমনি কৰিছেনে? নিশ্চয় কৰিছে নহয়নে? ২০১৮ চনত নিৰ্মিত এখন চুটি ছবি “আৰু কিমান বাকী” ত উপস্থাপন কৰা হৈছে সম্প্ৰতি পৰিস্থিতিৰ বিভিন্ন ঘটনা-পৰিঘটনা। “অসমীয়া” ক বিচাৰি হাবাথুৰি খোৱা এখন জাননী আমি প্ৰায় ক’তো নেদেখিলেও হয়টো মন গহ্বৰত গভীৰভাৱে ইয়াক অনুভৱ কৰো। সমান্তৰালকৈ সমকালীন সমাজ খনৰ কেতবোৰ বিক্ষিপ্ত ঘটনা তথা হাস্যকৰ বাতৰি যেতিয়া এজন ব্যক্তিৰ কাণত পৰে তেতিয়া ক্ৰমান্বয়ে এই উদ্ভট বাতৰিবোৰৰ বৰ্দ্ধিত প্ৰাৱল্যই তেওঁক অস্থিৰ কৰি তোলে। অস্থিৰতাৰ ফলতেই একোজন ব্যক্তিয়ে কেতিয়াবা খোজ দিয়ে এক নিৰাপদ স্থানলৈ অৰ্থাৎ হত্যা-হিংসা, উপলুঙা, তাচ্ছিল্যৰ পৰা নিলগলৈ। বৰ্তমানৰ এই বিক্ষিপ্ত পৰিৱেশৰ পম খেদি “আৰু কিমান বাকী” ৰ কাহিনীভাগ ক্ৰমশ উভতি গৈছে অতীতলৈ,’স্বাধীন’ অসমৰ সত্তৰ বছৰীয়া ইতিহাসৰ দুটা তাৎপৰ্যপূৰ্ণ সময়লৈ। ইতিহাসৰ পাততো পুনৰবাৰ ধ্বনিত হৈছে সেই পুৰাতন প্ৰশ্ন – ” আৰু কিমান বাকী “।

চুটি ছবিখনৰ চিত্ৰনাট্য, পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনা আকাশ দীপৰ লগতে ইয়াত সংলাপ কুলাৰঞ্জন মেধিৰ। ছবিখনৰ শব্দৰ দায়িত্বত আছে সৌৰভ হালডাৰ আৰু ইয়াত সংগীত জয়াদিত্যৰ। ছবিখনৰ সহঃ পৰিচালনা কুলৰঞ্জন মেধি আৰু মৃদুপৱন পৰাশৰৰ। ছবিখনৰ লাইন প্ৰডাকচনৰ দায়িত্বত আছিল ভৱাৰ্নব নাথ আৰু ইয়াত অভিনয় কৰিছে লখন ছেত্ৰী, আমানুল হক আৰু মৃদুপৱন পৰাশৰে। আনহাতে, ভইচ অভাৰ গোবিন্দ ভাগৱতী, বিশাল, মৃদুস্মিতা, বৰষা, চিৰঞ্জীৱ, কুলাৰঞ্জন, মাঞ্জাৰী, ৰশ্মি, শ্বাহিদ আৰু ভৱাৰ্নবৰ।

২০১৮ চনতে নিৰ্মিত চুটিছবিখনে তৎকালীন অসমৰ ভালেমান বিষয়ত আলোকপাত কৰিবলৈ প্ৰয়াস কৰে। হংকং আৰু চিকাগোৰ দুটা প্ৰসিদ্ধ চলচ্চিত্ৰ মহোৎসৱত ভাগ লোৱাৰ বাবে আমন্ত্ৰণ লাভ কৰে, মহোৎসৱত প্ৰদৰ্শিত হয়। উৰিষ্যাৰ ভুৱনেশ্বৰত অনুষ্ঠিত ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হয়। গুৱাহাটীস্থিত NEthing-তো প্ৰদৰ্শিত হৈ দৰ্শক-সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰে।
Add comment