সপোন সাৰ্থক কৰিবলৈ হ’লে পৰিয়ালৰ সদস্যৰ সঁহাৰি অথবা তেওঁলোকৰ পৰা উৎসাহ লাভ কৰাটো জৰুৰী হৈ পৰে। প্ৰায়ে আমি আমাৰ পিতৃ-মাতৃক দেখি কোনো এটা বস্তুৰ প্ৰতি নিজক ধাৱমান কৰো। অসমীয়া সংগীত ক্ষেত্ৰখন তেনেই চহকী; বিভিন্ন থলুৱা গীত, আধুনিককে আৰম্ভ কৰি কেইবাটাও অইন অইন ক্ষেত্ৰৰ গীত সমূহক ইয়াত সন্নিৱিষ্ট কৰাৰ উপৰিও ইয়াক আগন্তুক পৰ্যায়লৈ লৈ গৈছে আজিৰ নৱপ্ৰজন্মই। আজি আমি এনে এগৰাকী নৱপ্ৰজন্মৰ সংগীত শিল্পীৰ বিষয়ে কথা পাতিম যিয়ে নিজ পিতৃক দেখি প্ৰেৰণা লাভ কৰিছিল। তেওঁৰ নাম হৈছে তেজপুৰ নিবাসী য়ান বৰুৱা; সত্ৰীয়া সংস্কৃতিৰ সাধক তথা তিনিখনকৈ সত্ৰৰ বায়ন পিতৃৰ চত্ৰছয়াত থাকি নিজক অসমীয়া সংগীত তথা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰা য়ান বৰুৱাই সৰুৰ পৰাই লাভ কৰিছিল সাংস্কৃতিক পৰিৱেশ। তেওঁক সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্তিৰ বিষয়ে প্ৰশ্ন কৰাত ৰূপালীপৰ্দাক তেওঁ কয় যে, “২০১০ চনত সাংবাদিকতাৰ সমান্তৰালকৈ চাউণ্ড ইঞ্জিনিয়াৰিং শিকি মই কেইবাদিনলৈ পুনেত ইন্টাৰচিপ কৰিলো। তাৰ পিছত গুৱাহাটীলৈ উভতি আহি মই ২০১২ চনত পেছাগত ভাৱে এই ক্ষেত্ৰখনৰ সৈতে জড়িত হ’লো। তিনিবছৰ গুৱাহাটী লগতে তিনিবছৰ তেজপুৰত বিভিন্নটা প্ৰকল্পৰ সৈতে জড়িত হৈ মই নিজাববীয়াকৈ এটি ষ্টুডিঅ’ নিৰ্মাণ কৰি বৰ্তমান মই ইয়াতেই আছো।এনেকৈয়ে এই যাত্ৰাটো মই আৰম্ভ কৰিছিলো।”
সংগীতৰ ক্ষেত্ৰত কোন আটাইতকৈ প্ৰিয় আৰু ইয়াত আগবাঢ়ি যোৱা ক্ষেত্ৰত কোনকেইগৰাকী শিল্পীয়ে তেওঁক উৎসাহ যোগাই বুলি কৰা প্ৰশ্নত য়ানে কয় যে, “মই ২০১২ চনৰ পৰাই সংগীত পৰিচালনাৰ কামৰ সৈতে জড়িত হৈ পৰিছিলো। পাশ্চাত্য সংগীতৰ সমান্তৰালকৈ ইণ্ডিয়ান ক্লাচিকেল গীতৰ প্ৰতি মোৰ এক টান আছে আৰু এই গীত সমূহে মোক সাংঘাতিক আকৰ্ষিত কৰে। আমি সৰুৰ পৰাই হলীউড বুলি ক’লে Bryan Adams ৰ গান লগতে বেণ্ড বুলি ক’বলৈ Linkin Park ৰ গান শুনি ডাঙৰ হৈছো । ইয়াৰ উপৰিও, বলীউডৰ এ.আৰ.ৰহমানৰ গান লগতে অসমীয়া বুলি ক’বলৈ গ’লে জুবিন গাৰ্গৰ নাম শীৰ্ষত; আচলতে কিবা এটা কাম কৰাৰ পিছত যেতিয়া জুবিন দাই কয় যে এই গীতটো ভাল হৈছে তেতিয়াহ’লে ইয়াতকৈ অধিক ভাল লগা কথা আৰু একোৱে হ’ব নোৱাৰে। এই আটাইৰে গান মই শুনিছো; এওঁলোকৰ পৰা কাম কৰিবলৈ উৎসাহ পাইছো। মোৰ এই সংগীত ক্ষেত্ৰত প্ৰেৰণা বুলি যদি একেষাৰেই ক’বলৈ যাওঁ তেতিয়াহ’লে সেয়া হ’ব এওঁলোক।”

আগন্তুক প্ৰকল্পৰ বিষয়ে শিল্পী গৰাকীয়ে কয় যে, “আগন্তুক প্ৰকল্প মোৰ বহু কিবা-কিবি ৰাইজৰ ওচৰলৈ আহিব। তাৰ ভিতৰত অন্যতম হৈছে মোৰ “ড্ৰীম প্ৰজেক্ট” টো। আমাৰ সংস্কৃতিৰ ভেঁটি অৰ্থাৎ সত্ৰীয়া সংস্কৃতিটো দৰ্শকৰ সন্মুখত নতুনকৈ দাঙি ধৰাৰ বৰ হেঁপাহ আছে। এই প্ৰকল্পটো কৰিবলৈ মই এদিন হ’লেও সম্পূৰ্ণ কৰিম; ইয়াৰ উপৰিও আমাৰ থলুৱা লোকবাদ্য খিনিক লৈ কাম কৰাৰ ইচ্ছা আছে। মই যদিও পাশ্চাত্য গীতৰ সৈতে অধিক জড়িত তৎসত্ত্বেও যে মই কেৱল সেই নিৰ্দ্দিষ্ট বিভাগৰ সৈতেই কাম কৰিম সেইটো নহয়। মোক যিটো গীতে বেছি আকৰ্ষণ কৰিব মই সেইটো গীতৰ সৈতে নিজক ঢাল খোৱাম; এনেদৰেই মই পূৰ্বৰে পৰা কাম কৰিছো। গুৰু দুজনাৰ সৃষ্টিক লৈ কাম কৰাৰ ইচ্ছা আছে।”

শিল্পী গৰাকীয়ে কয় যে, “মই সংগীত সদায় নিজৰ বাবে কৰিছো। সংগীতে যদি মোক সন্তুষ্টি প্ৰদান কৰিছে তেনেহ’লে সেই গীতটিক লৈ মই উৎসাহিত হৈ পৰো। জুবিন দা, নীল আকাশ, আচুৰ্য্য বৰপাত্ৰৰ সৈতে মই ইতিমধ্যে কাম কৰিছো আৰু আগন্তুক সময়লৈও বিভিন্ন জন কন্ঠশিল্পীৰ সৈতে মোৰ প্ৰকল্প আছে। আশা কৰিছো যাতে শ্ৰোতাই ইয়াক আকোঁৱালি লওঁক।”
Add comment