এইবাৰ মহেশ ভাটক জনসাধাৰণে ধুইছে ডিছলাইকেৰে। হাজাৰ জনে কৰা ককৰ্থনাৰ পিছত এইবাৰ ইউটিউবত মহেশ ভাটৰ বিৰুদ্ধে বৈছে ডিছলাইকৰ বন্যা। মুঠতে, এইবাৰ নিস্তাৰ নাই নেপোটিজিমৰ। মহেশ ভাটৰ দ্বাৰা প্ৰযোজিত লগতে “সড়ক ২” ছবিখনত অভিনীত কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী ক্ৰমে আলিয়া ভাট, সঞ্জয় দত্ত, আদিত্য ৰয় কাপুৰ একোগৰাকী নেপোকিড হোৱাৰ বাবেই জনসাধাৰণে এনে পন্থা হাতত লৈছে। তিনি ঘন্টাৰ ভিতৰত যদি গণনা কৰো তেতিয়াহ’লে “সড়ক ২” ৰ ট্ৰেইলাৰে ৫২ হাজাৰ লাইকৰ বিপৰীত ৫ লক্ষতকৈ অধিক ভিউৱাৰচে উক্ত ঘন্টাৰ ভিতৰতে ছবিখন ট্ৰেইলাৰ ডিচলাইক কৰে। বিগত দিনৰ মহেশ ভাটৰ বিৰুদ্ধে পৰা চলি থকা ভিন্ন ঋণাত্মক সমালোচনাই আজি এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে। পূৰ্বে হয়টো এনে প্ৰতিক্ৰিয়া কোনোখন ছবিয়ে কেতিয়াও লাভ কৰা নাছিল। আনহাতে, ছবিখন সময়নুযায়ী মুক্তি দিব নোৱাৰাৰ ফলতো ই ৰোষত পৰে বিভিন্ন জনৰ।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত ৰাইজৰ ৰোষত পৰিছিল নেপোটিজিম কিড সকল। ৰাইজৰ বৰ্দ্ধিত আক্ৰমণে তেওঁলোকক এটা সময়ত গৈ চচিয়েল মিডিয়া এৰিবলৈও বাধ্য কৰি পেলাইছিল। মুঠতে সুশান্তৰ মৃত্যুৰ পৰা আৰম্ভ সেই ক্ষোভৰ যাত্ৰা বৰ্তমানেও অব্যাহত আছে ৰাইজৰ মাজত আৰু সেইবাবেই হয়তো “সড়ক ২” য়ে আজি এনে পৰিস্থিতিৰ সন্মুখীন হ’বলৈ পালে।
Add comment