Rupaliparda.com
পুনৰ চৰ্চিত জুবিন গাৰ্গঃ মানস ৰবীবেও মাৰিলে বাক্যবান- 1

পুনৰ চৰ্চিত জুবিন গাৰ্গঃ মানস ৰবীবেও মাৰিলে বাক্যবান-

অসমীয়া কন্ঠশিল্পী সমূহৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ। ইয়াক নক’লেও হয়টো আপোনালোকে বুজিব! সংগীতৰ সমান্তৰালকৈ সমাজৰ প্ৰত্যেকটো দিশত সক্ৰিয় ৰূপত উপস্থিত থকা কন্ঠশিল্পী জুবিন গাৰ্গৰ ওপৰত প্ৰায়ে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰা তথা তেওঁক লৈ সমালোচনা কৰা দেখিবলৈ পোৱা যায়। বৰ্তমান জুবিনৰ ক্ষেত্ৰত এফালে য’ত অনুৰাগীয়ে তেওঁক চাপোৰ্ট কৰাৰ বাবে হেছটেগৰ প্ৰয়োগ কৰি চচিয়েল মিডিয়াত বিভিন্ন পোষ্ট কৰিছে আনহাতে আকৌ একাংশই তেওঁৰ বিষয়ে নানান সমালোচনাসূচক মন্তব্য কৰি ভাইৰেল কৰিছে চচিয়েল মিডিয়াত পোষ্ট। জুবিন গাৰ্গে ৰাজনৈতিক দলৰ সৈতে স্থাপন কৰা ঘনিষ্ঠতাক দেখি বৰ্তমান আওঁপকীয়াকৈ প্ৰশ্নৰ সৃষ্টি কৰিছে মানস ৰবীনেও। মুঠতে, চচিয়েল মিডিয়াত সম্প্ৰতি পৰিস্থিতিৰ সমান্তৰালকৈ চৰ্চিত বিষয় হৈ পৰিছে জুবিন গাৰ্গ। “পথাৰো আমাৰ, বজাৰো আমাৰ #SupportZubeenGarg” শীৰ্ষক শ্লোগান ব্যৱহাৰ কৰা একাংশ অনুৰাগীক বুঢ়া আঙুলি দেখুৱাই কন্ঠশিল্পী গৰাকীক পূৰ্ণৰূপত সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে জনসাধাৰণক।

পুনৰ চৰ্চিত জুবিন গাৰ্গঃ মানস ৰবীবেও মাৰিলে বাক্যবান- 2
পুনৰ চৰ্চিত জুবিন গাৰ্গঃ মানস ৰবীবেও মাৰিলে বাক্যবান- 3


মানস ৰবীনৰ আওঁপকীয়া প্ৰশ্ন “মই নাজানো আপোনালোকেই কওঁক, মই এতিয়া কি কৰা ভাল হ’ব।” মানস ৰবীনৰ এই প্ৰশ্নৰ উত্তৰত এতিয়া বহুতেই তেওঁক “বেপাৰী” অথবা “সুবিধাবাদী” নহ’বলৈ আহ্বান জনাইছে আৰু ৰাজনৈতিক ক্ষেত্ৰখনত কোনোপধ্যই নোসোমাবলৈ আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে। ৰাজ্যত অৰ্থনৈতিক বিপ্লৱ অনাৰ স্বাৰ্থত জুবিন গাৰ্গে ৰাজনৈতিক নেতাৰ সৈতে হাত মিলোৱা দেখি এতিয়া তেওঁ প্ৰশ্ন হৈ পৰিছে বহুতৰে সমুখত। আনকি, শেহতীয়াকৈ কৃষিমন্ত্ৰী অতুল বৰাই কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ ৰূপে জুবিন গাৰ্গক ঘোষণা কৰা কথাটোও বৰ্তমান সহিব পৰা নাই বহুতেই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform