Rupaliparda.com
"সপোন খেদি থাকিলে সফল হ'বই"- বিকি কলিতা 1

“সপোন খেদি থাকিলে সফল হ’বই”- বিকি কলিতা

নৱপ্ৰজন্মৰ কন্ঠশিল্পী ৰূপে নিজক প্ৰতিষ্ঠিত কৰা বিকি কলিতাই বৰ্তমান এখাপ এখাপকৈ সংগীত ক্ষেত্ৰখনত নিজৰ মূৰটো সোমোৱাবলৈ চেষ্টা কৰি আছে; জনপ্ৰিয় কন্ঠশিল্পী দিগন্ত ভাৰতীৰ একাংশ শিক্ষাৰ্থীৰ মাজত এগৰাকী ৰূপে স্বীকৃতিপ্ৰাপ্ত বিকি কলিতাই কন্ঠদান কৰা গীতসমূহে এতিয়া জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে জনসাধাৰণৰ মাজত। ৰূপালীপৰ্দাই আপোনালোকক দিয়া একোগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৰ ভিতৰত অন্যতম বিকি কলিতাৰ বিষয়েও জানিবলৈ বিচৰাত তেওঁ কৈছিল যে, “যদিও সৰুৰে পৰা মঞ্চত গান গাইছিলোঁ, ২০১৭ চনত মুক্তিপ্ৰাপ্ত প্ৰথমটো গান ‘নিশা নিশা তোমাৰে বতৰা’ ষ্টুডিঅ’ত বাণীবদ্ধ কৰাৰ পিছৰে পৰাহে মোৰ এই ক্ষেত্ৰখনৰ প্ৰতি আকৃষ্টতাটো বাঢ়িবলৈ লৈছিল। বৰ বেছি জ্ঞান নাছিল যদিও লাহে লাগে ইটোৰ পিছত সিটো গান কৰি, বহুটো ভুল কৰি কৰি শিকি আহিলো কামবোৰ গতিকে এক কথাত ক’বলৈ গ’লে মই ২০১৭ ৰ পৰাই এই ক্ষেত্ৰখনত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছোঁ বুলি কব পাৰি।”

"সপোন খেদি থাকিলে সফল হ'বই"- বিকি কলিতা 2


কোনবোৰ গীতে কন্ঠশিল্পীগৰাকীক অধিক আকৰ্ষণ কৰে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “মই সকলো ধৰণৰ গীতেই পছন্দ কৰোঁ। যিবোৰ গানে হৃদয় চুই যাব পৰা ক্ষমতা ৰাখে তেনেবোৰ গানে মোক বাৰুকৈয়ে আকৰ্ষণ কৰে। মই সৰুৰে পৰা হিন্দী ক্লাছিক গীতসমূহ- মহম্মদ ৰফি, কিশোৰ কুমাৰ, মান্না দে, মুকেশ চাহাব, লতা মংগেশকাৰ আদিৰ গান বহুত শুনিছোঁ; সেইবোৰ গানৰ প্ৰতিও মোৰ এটা বিশেষ টান আছে। অসমীয়া সংগীতত ড° ভূপেন হাজৰিকা দেৱ, দ্বীপেন বৰুৱা দেৱ , জয়ন্ত হাজৰিকা দেৱৰ গীত সমূহে মোৰ সাংগীতিক জীৱনত প্ৰভাৱ পেলাইছে। এতিয়াটো বলীউডত ৰিমিক্সৰ ঢৌ চলি আছে তথাপিও বিশাল মিশ্ৰা, ৰহমান চাহাবৰ উপৰিও বহুতো স্বাধীন শিল্পীৰ গান মই শুনি থাকোঁ। আৰু, লগতে অসমীয়া সংগীততো মোৰ গুৰু দিগন্ত ভাৰতী ছাৰ, পলাশ সূৰ্য্য গগৈ দাৰ গানৰ উপৰিও আমাৰ প্ৰজন্মৰ মোৰ ভাতৃসম সান্নিধ্য, নিখিলহঁতৰ গানবোৰ মই পছন্দ কৰোঁ। সংগীত “বৃত্তি” নে “নিচা” বুলি প্ৰশ্ন কৰাত তেওঁক কয় যে,

"সপোন খেদি থাকিলে সফল হ'বই"- বিকি কলিতা 3


“সঁচাকৈ ক’ব গ’লে মই পেছাগত সংগীত কৰিবলে শিকা নাই এতিয়ালৈকে। গান গাই ভাল পাওঁ, সংগীতৰ মাজত থাকি ভাল পাওঁ কাৰণে এইটোকেই পেছা কৰাৰ হেঁপাহ এটা আছে! কিমান দূৰ আগবাঢ়িব পাৰিম এই সেইটো নাজানো কিন্তু সংগীতৰ বাদে মোৰ আন কামত মন ন’বহে। সেইকাৰণেই কষ্ট কৰি আছোঁ, যাতে সংগীতৰ এই বিশাল পৃথিৱীখনত নিজকে সৰুকৈ হ’লেও প্ৰতিষ্ঠিত কৰি, ভাল ভাল গান গাই মোৰ নিচিনা সপোন দেখি ভাল পোৱা কোনোবাৰ কাৰণে আদৰ্শ হ’ব পাৰোঁ। যাতে পিছৰ চামক ক”ব পাৰোঁ যে “সপোন খেদি থাকিলে সফল হ’বই”।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform