পূৰণি হ’লেও বহু প্ৰত্যাশিত অথবা চৰ্চিত বিষয় হৈছে আস্থা, অৰ্ণৱ আৰু JEC ৰ বিষয়টো। সঁচা কথা ক’বলৈ গ’লে ই সদায় ৰঙীণ; ইয়াৰ কথা পাতিবলৈ অথবা শুনিবলৈ আমনি নাপায় কোনো গৰাকী ব্যক্তিয়েও। এই উপন্যাসখনৰ নায়িকা ইন্দ্ৰাণী শৰ্মা পলকতে ৰাইজৰ চকুৰ মণি হৈ পৰিছিল। বৰ্তমান এই উপন্যাসখনকে ৰাইজৰ মাজলৈ লৈ অনা হ’ব এখন ৱেব চিৰিজৰ মাধ্যমেৰে; সম্প্ৰতি সময়ত বহুল জনপ্ৰিয়তা লাভ কৰা ৱেব চিৰিজ সমূহৰ ভিতৰত এখন হ’বলৈ বিচৰা JEC ক লৈ বৰ্তমান সকলোৰে উৎকন্ঠা। এন.কে প্ৰডাকচনৰ নিবেদনত এই ৱেব চিৰিজ খন নিৰ্মাণ কৰি উলিওৱা হ’ব। এই বিষয়ে ইন্দ্ৰাণী শৰ্মাৰ সৈতে কথা পাতিবলৈ বিচৰাত তেওঁ কয় যে, “JEC ৰ কথা ক’বলৈ পালে খুব ভাল লাগে; ই বৰ্তমান মোৰ সন্তানৰ দৰেই হৈ পৰিছে নহয় জানো? প্ৰথমে এখন উপন্যাস আকাৰে ৰাইজৰ পৰা পোৱা ইমান ভালপোৱা; এতিয়া আকৌ ৱেব চিৰিজৰ কাম কৰি আছো। কৰি আছো মানে এয়াই যে ইতিমধ্যে এন কে প্ৰডাকচন বেনাৰত ইয়াৰ কাম আৰম্ভ হৈছে।

আচলতে সঁচা কথা ক’বলৈ গ’লে, JEC ক লৈ বহু কিবা কিবি ভবা হৈছিল যদিও পৰিস্থিতিৰ কবলত পৰি মই বৰ্তমান এই আটাইবোৰ পৰিকল্পনাৰ পৰা আঁতৰিবলগীয়া হৈছে। বাৰু যা হওঁক, আমি পৰিস্থিৰিৰ সৈতেটো মিলিব লাগিবই। এনে.কে প্ৰডাকচনৰ দেব বৰকটকী দাৰ সৈতে কথা হৈয়ে থাকে, তেওঁ জনাইছে যে অতি শীঘ্ৰেই JEC ক ৰাইজৰ মাজলৈ লৈ অনা হ’ব। এয়া খুব ভাল লগা এক অনুভৱ, JEC কিতাপ আকাৰেও ৰাইজৰ ওচৰত আছে আৰু এতিয়া আকৌ ভিডিঅ’ আকাৰেও চিৰস্থায়ী হৈ ৰ’ব JEC । মোৰ স্মৃতি বোৰ যে ইমান ধুনীয়াকৈ থাকি যাব সেয়া মই ভাবিবই পৰা নাছিলো; জীৱনৰ এক ডাঙৰ সপোন সফল হ’বলৈ গৈ আছে। কিন্তু, ৰাইজক মই ৰূপালীপৰ্দাৰ মাজেৰে এক কাতৰ অনুৰোধ কৰিছো যে আমাৰ ওপৰত এতিয়া এক প্ৰকাৰ জোৰ পৰা নিচিনাই হৈছে যে এতিয়া চিৰিজ খন সম্পূৰ্ণ হৈ উঠা মাত্ৰকে অথবা ৰাইজৰ ওচৰলৈ অহা পিছতেই ইয়াক কিতাপ খনৰ সৈতে তুলনা কৰা হ’ব; গতিকে কষ্ট কৰিছে তেওঁলোকে। মই আপোনালোকক কথা দিছো; আপোনালোকেও ইয়াক আকোঁৱালি ল’ব। আৰু, এটা অনুৰোধ মই জনাম যে; সম্প্ৰতি পৰিস্থিতিৰ বিষয়ে আপোনালোক সকলো জ্ঞাত। সাংস্কৃতিক জগতৰ শিল্পী সমূহৰ এই সময়ছোৱাৰ যি এক অৱস্থা সেই বিষয়েও আপোনালোক সকলোৱে জানে।

তথাপিও এনে সময়ত এন.কে প্ৰডাকচন ফালৰ পৰা এক প্ৰচেষ্টা হাতত লোৱা হৈছে। এই প্ৰচেষ্টা লগতে তেওঁলোকে কৰা কষ্টখিনিয়ে যেন মূল্য পায়। কাৰণ, চাওঁক এয়া একেবাৰে আপোনালোকৰ বাবে “ফ্ৰী অৱ কোস্ত” ৰ বস্তু; আপোনালোকে মাত্ৰ এপটো ডাউনলোড কৰিব লাগে। গতিকে, মই ভাবো আপোনালোকে ইমান দিনলৈ মোক দিয়া মৰম, সঁহাৰি, সমাদৰবোৰ যেন আকৌ এবাৰ JEC ৰ ৱেব চিৰিজখনৰ সৈতে জড়িত সমগ্ৰ কলা-কুশলীসকলক মৰম আৰু আদৰ দিয়ে। আশা কৰোঁ, এই উপন্যাস খনৰ দৰেই যাতে ৱেব চিৰিজখনো মানুহে সদায় মনত ৰখা লেখীয়া হৃদয়স্পৰ্শী হৈ উঠিব। আশা, প্ৰত্যাশা সকলো আছে; অনাগত দিনত JEC সফল হওঁক।”
Add comment