Rupaliparda.com
সংগীত ক্ষেত্ৰলৈ ন-যুঁটিঃ ৰূপম ভূঞা আৰু প্লাৱিতাৰ কন্ঠৰে "মুকুতিৰ গান"- 1

সংগীত ক্ষেত্ৰলৈ ন-যুঁটিঃ ৰূপম ভূঞা আৰু প্লাৱিতাৰ কন্ঠৰে “মুকুতিৰ গান”-

সংগীত ক্ষেত্ৰখনত এক নতুন যুঁটিয়ে টানিছে শ্ৰোতাক। এওঁলোকৰে কন্ঠৰে মুক্তি লাভ কৰা আন এটি গীত “মুকুতিৰ গান” ত এতিয়া উৎকন্ঠা জনসাধাৰণৰ। প্ৰতিষ্ঠিত অসমীয়া কন্ঠশিল্পী ৰূপম ভূঞা আৰু সংগীত ক্ষেত্ৰখনত লাহে-লাহে নিজৰ প্ৰতিভাক আগবঢ়াই অনা প্লাৱিতা বৰদলৈ শইকীয়াৰ কন্ঠৰে বৰ্তমান এনে এটি গীতৰ মুক্তি হৈছে যিয়ে শ্ৰোতাক বহুল ৰূপত আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বাণিজ্যিক ধৰ্মী গীতৰ সমান্তৰালকৈ মুক্তিপ্ৰাপ্ত একোটি হৃদয়স্পৰ্শী গীতে জনসাধাৰণক বাৰুকৈয়ে আপ্লুত কৰে। সদ্যমুক্তিপ্ৰাপ্ত ৰূপম ভূঞা তথা প্লাৱিতাৰ গীতে ঠিক তেনেদৰেই ঠাই গ্ৰহণ কৰিছে জনাসাধাৰণৰ মাজত। “মমতাজ”, “আকাশ চুবৰ মন”, “অনুৰাধা” আদি ছবিত কন্ঠদান কৰাৰ লগতে ৰূপম ভূঞাই নিজাববীয়াকৈ কেইবাটাও গীত তথা গজলো পৰিৱেশন কৰে। ” Indian Fusion Band North East Breeze” শীৰ্ষক সংগীত গোষ্ঠীটোৰ মূল ব্যক্তি ৰূপম ভূঞা সৰুৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত আছিল।

সংগীত ক্ষেত্ৰলৈ ন-যুঁটিঃ ৰূপম ভূঞা আৰু প্লাৱিতাৰ কন্ঠৰে "মুকুতিৰ গান"- 2


আনহাতে, প্লাৱিতা শইকীয়াৰ কন্ঠৰে ইতিমধ্যে মুক্তি লাভ কৰা গীতে জনসাধাৰণৰ পৰা বহুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰাৰ উপৰিও ডিব্ৰুগড় অঁনাতাৰ কেন্দ্ৰৰো নিয়মীয়া শিল্পী প্লাৱিতাই এখোজ দুখোজকৈ আগুৱাই আহিছে এই সংগীত ক্ষেত্ৰখনৰ মাজলৈ। সদ্যমুক্তিপ্ৰাপ্ত “মুকুতিৰ গান” শীৰ্ষক গীতটিত কথা সুশান্ত বৰাৰ আৰু ইয়াত কন্ঠদান কৰাৰ লগতে পৰিচালনা কৰিছে ৰূপম ভূঞাই। গীতটিত শব্দ সংমিশ্ৰণ ৰাকেশ বৰোৰ।

সংগীত ক্ষেত্ৰলৈ ন-যুঁটিঃ ৰূপম ভূঞা আৰু প্লাৱিতাৰ কন্ঠৰে "মুকুতিৰ গান"- 3

আচলতে, সম্প্ৰতি সময়ত অসমীয়া একোজন প্ৰতিষ্ঠিত সংগীতশিল্পীয়ে উঠি অহা সকলক দিয়া সুবিধাই সকলোকে উৎসাহিত কৰি তুলিছে। য’ত একাংশৰ “নেপোটিজিম” ৰ কথাক লৈ দেশজুৰি খলকনি সৃষ্টি হৈছে; তাতেই আকৌ অসমীয়া সংগীত ক্ষেত্ৰখনলৈ অহা এনে কিছু গীতে এতিয়া উৎকন্ঠাৰ সৃষ্টি কৰিছে। এই ন-যুঁটিটোৰ প্ৰথমটো গীতক দেখিয়ে আগন্তুক সময়তো ৰূপম ভূঞা আৰু প্লাৱিতা বৰদলৈ শইকীয়াৰ গীতক লৈ অপেক্ষাৰত দৰ্শক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform