নিত্য-নতুন বিষয়বস্তুৰে নিৰ্মিত অসমীয়া ছবি সমূহে বৰ্তমান নিজৰ ফালে টানিছে দৰ্শকক। “সহকামীতা” ৰ কনচেপ্টটোক এতিয়া আকোঁৱালিছে জনসাধাৰণে; শেহতীয়াকৈ এখন নতুন ছবিৰ ট্ৰেইলাৰে ধ্যান আকৰ্ষণ কৰিছে দৰ্শকৰ; ছবিখনৰ লগতে তাত অভিনীত একোজন অভিনেতা-অভিনেত্ৰীকো প্ৰশংসা কৰিছে সকলোৱে। নৱপ্ৰজন্মৰ পৰিচালক প্ৰকাশ ডেকাৰ কাহিনী আৰু পৰিচালনাৰ লগতে মিলিন দত্ত আৰু Vortex Films ৰ যুঁটীয়া প্ৰযোজনাৰে অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকৰ বাবে আহি আছে ছবি “জোনাকী পৰুৱা (Fireflies)। ইয়াত মূখ্য চৰিত্ৰত অভিনীত বেঞ্জামিন দৈমাৰীয়ে ইতিমধ্যে তেওঁৰ চৰিত্ৰটোৰ বাবে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ। “জোনাকী পৰুৱা” ত বেঞ্জামিনৰ চৰিত্ৰটোৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ ৰূপালীপৰ্দাক জনায় যে, “আচলতে, মই নিজেই এজন LGBT Community ৰ পৰা অহা; মই এগৰাকী “Open Gay”। গতিকে, যেতিয়া মই ছবিখনৰ চিত্ৰনাট্য-সংলাপবোৰ পঢ়িছিলো তেতিয়া মোৰ ভাৱ হৈছিল যে এনে মানুহো কেতিয়াবা থাকিব পাৰে নেকি বুলি! আমি এনে কষ্টৰো মুখামুখি হ’ব পাৰো নেকি! কাৰণ এগৰাকী Gay হিচাপে মই কেতিয়াও এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাই। মোক মোৰ পৰিয়ালৰ লোকে যথেষ্টখিনি সঁহাৰি জনাইছে এই ক্ষেত্ৰত।

তাৰ পিছত, মোৰ ছবিখনৰ সংলাপ অথবা কাহিনীয়েই যথেষ্টখিনি আকৰ্ষণ কৰিছে আৰু মই আগবাঢ়িছিলো চৰিত্ৰটোৰ প্ৰতি। ছবিখনৰ পৰিচালক প্ৰকাশ দাই তিনিদিন ধৰি মোৰ অডিশ্বন ল’লে; মই চৰিত্ৰটোৰ সৈতে ফিট হ’ম বুলি তেওঁ বিশ্বাস দেখুৱালে। আচলতে, মই নিজেও প্ৰকাশ দাক ধন্যবাদ জনাওঁ যে ইমান এখন সুন্দৰ ছবি মোক উপহাৰ ৰূপে দিয়া বাবে। এই চৰিত্ৰটোৰ জৰিয়তে আমি সমাজৰ ওচৰত নিজৰ এক পৰিচয় দাঙি ধৰিবলৈ বিচাৰিছো যে আমি কোনো অইন মানুহ নহয়; আমি কেনেদৰে জীয়াওঁ নাইবা কেনেদৰে জীয়াবলৈ বিচাৰো এই আটাইবোৰ কথা মই চৰিত্ৰটোৰ জৰিয়তে বুজাবলৈ পাই যথেষ্ট সুখী হৈছো। আমি একোগৰাকী মানুহ, আমাৰ আৱেগ-ভালপোৱা আছে, আমি কোনো অইন গ্ৰহৰ পৰা অহা মানুহ নহয় যে আমাক ককৰ্থনা কৰি আঁতৰাব বিচাৰে। ছবিখনৰ বাবে মই আমাৰ প্ৰযোজক মিলিন দত্ত দাকো ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰো; এই বিষয়বস্তুটো পূৰ্বেও কোনোৱে আকোঁৱালি লৈছিল যদিও ইয়াক হাঁহিৰ পাত্ৰ ৰূপে প্ৰতিফলিত কৰা হৈছিল। এই ছবিখনত কিন্তু হৃদয়স্পৰ্শী কিছু ঘটনাক উপস্থাপন কৰা হৈছে আৰু মই আশা কৰিছো যে, এই ছবিখন ১০০ শতাংশৰ যদি ২ শতাংশইও চাই নিজ মানসিকতা সলনি কৰে তেনেহ’লে মই সফল।”

আগন্তুক পৰিকল্পনাৰ বিষয়ে সোধাত তেওঁ কয় যে, “আগন্তুক প্ৰকল্প বুলি ক’লে মই বৰ্তমান এনেই আছো; কিন্তু দুখন মান ছবিৰ স্ক্ৰীপ্ট আহিছে, সেয়াও LGBT ৰ ওপৰতেই। চাওঁচোন কি কৰো… বাকী মোৰ মেক-আপ আৰ্টিষ্ট হিচাপে কামবোৰ চলি আছে। ” বেঞ্জামিনে LGBTৰ বাহিৰেও অইন চৰিত্ৰত অভিনয় কৰিবলৈ তেওঁ বিচাৰে নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “নিশ্চয় কৰিম। মইটো বিচাৰো মোৰ তাত অইন চৰিত্ৰটোও অহাটো। কাৰণ, মই নিবিচাৰো যে ৰাইজে ভাৱক মই Gay কাৰণে অকল সেয়া কৰি গৈ আছে। মই যিকোনো চৰিত্ৰই কৰিম আৰু মোৰ বিশ্বাস যে মই সেয়া কৰিব পাৰিম। মই “জোনাকী পৰুৱা” ত ৰূপায়ন কৰা চৰিত্ৰটোও মোতকৈ বিপৰীত আছিল কিয়নো মই ইমানখিনি কষ্ট কেতিয়াও নাই পোৱা। গতিকে, সেই চৰিত্ৰটো মই নহয়; মই Gay হ’ব পাৰো কিন্তু সেয়া মই নহয়। মই অডিশ্বন দিম বেলেগবোৰ চৰিত্ৰৰ বাবেও।”
Add comment