Rupaliparda.com
ট্ৰোলৰ সন্মুখীন আমিৰ খানঃ সুব্ৰমন্যয়ন স্বামীৰো বাক্যবান- 1

ট্ৰোলৰ সন্মুখীন আমিৰ খানঃ সুব্ৰমন্যয়ন স্বামীৰো বাক্যবান-

আমিৰ খান নিজৰ আগন্তুক ছবি “লাল সিং চড্ডা” ৰ শ্বুটিঙৰ বাবে তুৰ্কীলৈ গৈছিল। কিন্তু তুৰ্কীলৈ যোৱাৰ পিছতেই সমালোচনাৰ সন্মুখীন হয় অভিনেতা গৰাকী। চচিয়েল মিডিয়াত হোৱা ট্ৰোলৰ উপৰিও অভিনেতা গৰাকীক লৈ কমেন্ট কৰে কেন্দ্ৰীয় মন্ত্ৰী সুব্ৰমন্যয়ম স্বামীয়েও। মন্ত্ৰী গৰাকী চচিয়েল মিডিয়াত সক্ৰিয় হোৱাৰ উপৰিও সমসাময়িক প্ৰতিটো বিষয়ত মন্তব্য কৰে। স্বামীয়ে ৰাজনীতিৰ সমান্তৰালকৈ বলীউডৰ বিষয়ৰ ওপৰতো নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। এনে সময়তে মন্ত্ৰী গৰাকীয়ে আমিৰ খানৰ তুৰ্কী বিবাদৰ ওপৰত নিজ মন্তব্য প্ৰকাশ কৰে। আচলতে, আমিৰ খানে যদিও “লাল সিং চড্ডা” ৰ শ্বুটিঙৰ বাবে তুৰ্কীলৈ গৈছিল; তেওঁ তাত গৈ তুৰ্কীৰ প্ৰথম গৰাকী মহিলা এৰ্দোগানক লগ ধৰে। তেওঁলোকৰ লগ ধৰা ক্ষণৰ বহু ফটো চচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰে।

ট্ৰোলৰ সন্মুখীন আমিৰ খানঃ সুব্ৰমন্যয়ন স্বামীৰো বাক্যবান- 2


এই চিত্ৰ সমূহ ভাইৰেল হোৱাৰ পিছতেই আচলতে চাৰিওফালে আমিৰ খানক লৈ কোঁচকাৱাজৰ সৃষ্টি হয়। সুব্ৰমন্যম স্বামীয়েও এনে ক্ষেত্ৰত এক পোষ্ট কৰি কয় যে, “গতিকে শেষলৈ গৈ মোৰ প্ৰতিটো কথা সঁচা হ’ল; আমিৰ খানো সেই তিনি খান চিপাহীৰ দৰেই একে।” উল্লেখ্য যে, এই ছবিখন ২০২১ চনৰ খ্ৰীষ্টমাছৰ সময়ত মুক্তি লাভ কৰিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.