ক’ৰোণা ভাইৰাছ মহামাৰীৰ ফলত বিগত কেইবামাহৰ পৰাই ছবিগৃহ বন্ধ কৰি ৰখা হৈছে। ছবিগৃহলৈ গৈ নিজৰ প্ৰিয় অভিনেতা গৰাকীক চাবলৈ নাপাই অনুৰাগীও হতাশ হৈ পৰিছে যদিও বৰ্তমান সময়ত OTT প্লেটফৰ্মৰ মহত্ব দৰ্শকৰ মাজত বাঢ়ি অহা দেখিবলৈ পোৱা গৈছে। কিছু দিন পূৰ্বৰে পৰা অক্ষয় কুমাৰ, অজয় দেৱগন, সঞ্জয় দত্ত আদিকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় অভিনেতাৰ ছবি ডিজিটেলীয়ে লাভ কৰিছে মুক্তি। নেটফ্লিক্স, এমেজন, হটষ্টাৰ আদিত বহু কেইগৰাকী জনপ্ৰিয় অভিনেতাৰ ছবিয়ে মুক্তি লাভ কৰিছে। উক্ত প্ৰসংগক উদ্দেশ্যিয়ে অভিনেতা নাছিৰুদ্দিন শ্বাহে ছলমান খানক লৈ এক মত ব্যক্ত কৰে। ৰাজীৱ মসান্দৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নাছিৰুদ্দিনে কয় যে, “এয়া চাবলৈ বৰ ৰোমাঞ্চক হ’ব ডিজিটেল প্লেটফৰ্মত ছবি মুক্তি পালে ছলমানৰ অনুৰাগীয়ে কেনে আচৰণ কৰিব! অভিনেতা গৰাকীৰ অনুৰাগী সকলেটো স্ক্ৰীণত ছলমানক দেখাৰ লগে লগে চিঞৰিবলৈ আৰম্ভ কৰে, টকা দলিয়াই নাচে, সুহুঁৰি বজায়। গতিকে, এনে সময়ত দৰ্শকৰ প্ৰতিক্ৰিয়া চাবলগীয়া হ’ব।

যেতিয়া ছবিখন তেওঁলোকে মোবাইল স্ক্ৰীণত নিজ সন্তানৰ আগত উপভোগ কৰিব তেতিয়াও কি তেওঁলোকৰ একেই প্ৰতিক্ৰিয়া থাকিব? মোৰটো নালাগে।” শ্বাহে সাক্ষাৎকাৰটোত এয়াও কয় যে “লক-ডাউন” ৰ সময়ত বহু নৱপ্ৰজন্মৰ পৰিচালকে প্ৰেৰণা পাইছে আৰু বহু ভাল প্ৰকল্প হাতত লৈছে। তেওঁ কয় যে, ” মই ভৱিষ্যতক লৈ খুবেই আশাবাদী আৰু ভাৱো যে ৫০০ কোটি টকীয়া বাজেট আৰু প্ৰফিটৰ দৰে কনচেপ্টতক মন নিদি আমাৰ চিনেমা ক্ষেত্ৰই ভাল বস্তুত মনোনিৱেশ কৰিব।”
Add comment